ইৰা বৰুৱাৰ সোঁৱৰণত-মনালিছা বৰুৱা শৰ্মা

ইৰা বৰুৱাৰ সোঁৱৰণত

যোৱা ইংৰাজী ৬ নৱেম্বৰ,সোমবাৰ, দিনৰ ,১২:১০ বজাত অহা এটা খবৰে আমাক সকলোকে আচম্বিত কৰি তুলিলে।মৃত্যু যদিও চিৰসত্য কিন্তু এই মৃত্যু যেতিয়া অকল্পনীয় হয়,তেতিয়া ইয়াক মানি ল’বলৈ কঠিন হয়।মোৰ ক্ষেত্ৰতো সেইটোৱেই হ’ল।হঠাৎ মা আমাৰ মাজৰ পৰা উভটি নহাৰ বাটেৰে গুছি গ’ল।জীৱনৰ প্ৰতিটো ক্ষণ,প্ৰতিটো মূহুৰ্ত মা মোৰ লগত ছাঁৰ দৰে আছিল,এতিয়া মাৰ অবিহনে কেনেকৈ পাৰ কৰিম বাৰু।এগৰাকী সু-গৃহিণীৰ লগতে মা আছিল অনন্য প্ৰতিভাৰ অধিকাৰী।কলমৰ তীক্ষ্ণ ধাৰে অতি কম সময়ৰ ভিতৰতে সাহিত্য জগতখনততো এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল।মায়ে অসম সাহিত্য-সংস্কৃতিৰ জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে “হিয়াৰ ৰামধেনু” তৰফৰ পৰা “শিশু সাহিত্য বঁটা 2019,”কাব্য তীৰ্থ অসম” ৰ তৰফৰ পৰা সশ্ৰদ্ধ সম্বৰ্ধনা,অৰুণোদয় উন্নয়ন সমিতি,ডিব্ৰুগড় তৰফৰ পৰা সম্বৰ্ধনা।তাৰোপৰি মা যোৰহাট,ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ লগতো জড়িত হৈ আছিল।সমাজ প্ৰিয় মায়ে আমাৰ সমাজ জীৱন চহকী আৰু সুন্দৰ কৰি ৰখাৰ নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছিল। ইতিবাচক চিন্তাৰে সমাজখনক সৰ্বাঙ্গসুন্দৰ কৰি তোলাৰ প্ৰয়াস কৰিছিল।তেখেতৰ শিশু উপযোগী গ্ৰন্থ,গল্প, উপন্যাস বিয়া নামৰ কিতাপ আদি বহুত লিখি থৈ গৈছে।তাৰে ভিতৰত ডাৱৰৰ মাজে মাজে সূৰুজৰ ৰেঙনি,গল্পশিখা,বিজয়ৰ বৈকুণ্ঠ যাত্ৰা,কবিতাৰ মৌকোঁহকে আদি।দূখৰ বিষয় যে ভালেখিনি অপ্ৰকাশিত অৱস্থাত ৰৈ গ’ল।মা আজি তুমি আমাৰ মাজত কায়িক ভাৱেহে নাই কিন্তু তুমি আমাৰ অন্তৰত সদায় জীয়াই থাকিবা।আজি তোমাৰ আদ্যশ্ৰাদ্ধৰ দিনা আমি তোমাক অশ্ৰুসিক্ত নয়নেৰে সোঁৱৰিছো।তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক।

মনালিছা বৰুৱা শৰ্মা(জীয়ৰী)