ইছৰোৰ মঙলযানৰ মহাকাশত সাত বছৰ সম্পূৰ্ণ
অনলাইন বাৰ্ত্তাসেৱা- মহাকাশত সাত বছৰ সম্পন্ন কৰিলে ইছৰোৰ মঙলযানে। মঙলযান অভিযানৰ সময়ত ইছৰোৰ দায়িত্বত থকা কে ৰাধাকৃষ্ণনে সংবাদ মাধ্যমৰ আগত মঙলযানৰ এই ঐতিহাসিক সফলতা সন্দৰ্ভত মন্তব্য প্রকাশ কৰি অত্যন্ত সন্তুষ্টি অনুভৱ কৰে। নিক্ষেপণৰ পূৰ্বে মাত্ৰ ছমাহৰ জীৱন কালৰ বাবে প্ৰস্তুত কৰা মঙলযানৰ এই বিৰল কৃতিত্বক লৈ উৎফুল্লিত ইছৰোৰ বিজ্ঞানীসকল। ইছৰোৰ দ্বাৰা প্ৰথম মণ্ডল অভিযান ২০১৩ চনৰ ৫ নৱেম্বৰত আৰম্ভ হৈছিল আৰু প্ৰায় এবছৰৰ ভিতৰত ২০১৪ চনৰ ২৪ ছেপ্টেম্বৰত প্ৰথম প্ৰয়াসতে মঙলৰ কক্ষপথত সফলতাৰে প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। মঙলৰ কক্ষপথত প্রদক্ষিণ কৰি থকা মঙলযান সন্দৰ্ভত অভিযান সঞ্চালক এম আন্নাদোই কয় যে— কক্ষপথত প্রদক্ষিণ কৰি থকা মঙলযানখনৰ কিছু কিছু বিষয়ত দুর্বলতা আহি পৰিছে। তেনেদৰে কিছুমান অংশ অধিক দুৰ্বল হৈ পৰিছে। তথাপিতো এই যানখনে সঠিকভাৱেই কক্ষপথত প্রদক্ষিণ কৰি আছে।