আহাৰ মাহৰ বানপানী – এছ ইছলাম

আহাৰ মাহৰ বানপানী
এছ ইছলাম, শিক্ষক, বৰপেটা
আহাৰ মাহৰ বানপানী
আমাৰ বাবে মহাহানি
বহুতেই বচালে নিজৰ প্ৰাণ
ডুবিল পানীত বহুতৰ ধান।
বুৰিল পানীত বহুতো ঘৰ
বহু পৰিয়াল হৈ গ’ল নিথৰ
আলমাৰি ,চকী, মেজ
খাট, পালেং আৰু চুকেজ।
ঘৰ-দুৱাৰ এৰি সবে
ৰাস্তাত পৰি আছে ভাল
এইবাৰৰ বানপানী হৈ গ’ল
আমাৰ বাবে মহাকাল।
বানপানী ঐ বানপানী
ক’ৰপৰা তই আহিলি
কিয় বা তোৰ তীব্ৰ গতি
ৰাস্তা ঘাটবোৰ ভাঙিলি।
গছ-গছনি দলং সাকো
স্কুল কলেজৰ ঘৰ বিলাকো
আম, জাম, কলৰ বাগিছা
তুমি বাৰু তচনচ কৰিছা।
ঘৰে ঘৰে পানী আৰু পানী
ইয়ে অসমৰ বানপানী
জলন্ত সমস্যা অসমৰ
দুৰ্দশা মাথোঁ জনগণৰ।