কি নাম দিম সেই প্ৰেমৰ?
বাহাৰুল ইছলাম
হেজাৰটা সপোনে খেপিয়াই ফুৰে
মোৰ বুকুত
মই নিমাত,নিস্তব্দ
কাৰোবাৰ শৰবিদ্ধ শব্দৰ বানত
মই নিৰ্বাসন লৈছোঁ
এক ঠিকনা বিহীন যাত্ৰাৰ
যাৰ নাই অন্ত যাৰ নাই বিনাশ
তথাপিও বিশ্বাস নৌকাৰ যাত্ৰী হৈ
অবিৰাম আগুৱাই গৈছোঁ।
কেতিয়াবা মোৰ হৃদয়খনক
এডাল বিৰিখৰ দৰে লাগে
য’ত আশ্ৰয় লয় বিবিধ পক্ষী
ব্যৱহাৰ কৰে, পোৱালি জগায়
পোহপাল দিয়ে আৰু
আৰু সময়ত পাহৰি যায়
আশ্ৰয় দাতাৰ মনৰ গভীৰতা
বিদায় লোৱাৰ তিক্ত বেদনা।
তথাপি এক সাহসেৰে যুঁজি গৈছোঁ
কাৰোবাৰ আপত্তিবিহীন ছত্ৰছায়াত
মই আছোঁ আৰু আছে মোৰ
ফটা হৃদয়ৰ গৰাকী
যি হৃদয়ৰ ফুলনিত শাৰী শাৰীকৈ
ফুলি আছিল শতাধিক ফুল আৰু
সুশোভিত একাঁজলি মৰম
তাৰে আলমত মই আছোঁ
আছে মোৰ ফটা হৃদয়।
আকাংক্ষিত প্ৰেমৰ চাৰিসীমা আছিল
আকাশ সদৃশ
বিশ্বাসবোৰ জেওৰা হৈ বিৰাজমান আছিল
মনৰ দাপোনত
খৰিকাজাঁইৰ সুগন্ধিয়ে আনন্দত
আত্মহাৰা হৈ পহৰা দিছিল আমাক
আৰু আমি
আমি ৰোমান্টিক কবিতাৰ বুকুত
শুই আছিলোঁ শান্তিৰে।
