লিভ-ইন ৰিলেচনশ্বিপ বনাম ভাৰতীয় সংস্কৃতি
দৰ্শনা দত্ত
দেৰগাঁও,গোলাঘাট
সাম্প্ৰতিক সময়ছোৱাত ভাৰতীয় সমাজ ব্যৱস্থাত আটাইতকৈ বেছি চৰ্চিত আৰু বিতৰ্কিত বিষয়সমূহৰ ভিতৰত অন্যতম হৈছে ‘লিভ-ইন ৰিলেচনশ্বিপ’ অৰ্থাৎ বিবাহ-বিহীন সহবাস। গোলকীকৰণ, অৰ্থনৈতিক স্বতন্ত্ৰতা, পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষণ আদিৰ ফলত দেশৰ যুৱ প্ৰজন্মৰ মাজত এই ধাৰণা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। পাশ্চাত্য জগতৰ পৰা আমদানী কৰা এই জীৱনশৈলীয়ে শেহতীয়া সময়ছোৱাত ভাৰতৰ মহানগৰীসমূহৰ লগতে অৰ্ধ-নগৰীয়া অঞ্চলৰ যুৱ প্ৰজন্মকো আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। আনহাতে ভাৰতীয় সমাজত বিবাহক আটাইতকৈ পৱিত্ৰ আৰু অপৰিহাৰ্য বন্ধন বুলি গণ্য কৰা হয়, সেয়েহে আইনী বা ধৰ্মীয় স্বীকৃতি নোহোৱাকৈ পুৰুষ-মহিলা একেলগে থকাৰ এই প্ৰবৃত্তিক সমাজে এক পৰম্পৰা-বিৰোধী খোজ বুলি অভিহিত কৰে।পৰম্পৰাগত সামাজিক ৰীতি-নীতি আৰু আধুনিক ব্যক্তিগত স্বাধীনতাৰ এই বিপৰীতমুখী সোঁতৰ মাজত বৰ্তমান আমাৰ সমাজত এক গভীৰ সাংস্কৃতিক দোমোজাৰ সৃষ্টি হৈছে।
ভাৰতীয় সংস্কৃতিত বিবাহ কেৱলমাত্ৰ দুজন পুৰুষ-মহিলাৰ মাজৰ কোনো আইনী বা সামাজিক চুক্তিয়েই নহয়,ইয়াক এক পৱিত্ৰ ধৰ্মীয় সংস্কাৰ আৰু আত্মিক বন্ধন বুলি গণ্য কৰা হয়। আমাৰ সমাজ ব্যৱস্থাত বিবাহৰ জৰিয়তে কেৱল দুজন ব্যক্তিৰে নহয়, বৰঞ্চ দুটা পৰিয়ালৰ মাজত এক সুদৃঢ় সম্পৰ্ক গঢ়ি উঠে। ত্যাগ, সমৰ্পণ, নৈতিকতা আৰু পৰিয়ালকেন্দ্ৰিক দায়বদ্ধতাই হৈছে ভাৰতীয় সমাজৰ মূল ভেটি। ইয়াৰ বিপৰীতে, লিভ-ইন ৰিলেচনশ্বিপ হৈছে সম্পূৰ্ণৰূপে ব্যক্তিগত স্বাধীনতাৰ ওপৰত প্ৰতিষ্ঠিত এক আধুনিক ধাৰণা। ইয়াত কোনো সামাজিক বা ধৰ্মীয় নীতি-নিয়মৰ বাধ্যবাধকতা নাথাকে। পৰম্পৰাবাদী সমাজৰ দৃষ্টিকোণৰ পৰা লিভ-ইন ৰিলেচনশ্বিপক প্ৰায়ে পৰম্পৰা,নৈতিকতা আৰু সামাজিক মূল্যবোধৰ অৱক্ষয় হিচাপে চোৱা হয়। সমাজৰ মতে, এই ব্যৱস্থাত স্থায়ী প্ৰতিশ্ৰুতি বা সামাজিক দায়বদ্ধতা কম থকা বাবে যিকোনো সময়তে অতি সহজে সম্পৰ্ক ভাঙি যোৱাৰ সম্ভাৱনা থাকে, যাৰ ফলত সামাজিক আৰু পাৰিবাৰিক স্থিৰতা বিঘ্নিত হ’ব পাৰে বুলি আশংকা কৰা হয়।
আনহাতে, আধুনিক যুৱচামৰ দৃষ্টিভংগী এই ক্ষেত্ৰত সম্পূৰ্ণ সুকীয়া। বহুতৰ মতে লিভ-ইন ৰিলেচনশ্বিপ কোনো অপৰাধ বা সংস্কৃতিৰ বিৰোধী কাৰ্য নহয়, ই এক সম্পূৰ্ণ ব্যক্তিগত পছন্দৰ বিষয়। বৰ্তমানৰ যান্ত্ৰিক যুগৰ ব্যস্ততাপূৰ্ণ জীৱনত বিবাহৰ দৰে গুৰুত্বপূৰ্ণ তথা আজীৱন সিদ্ধান্ত লোৱাৰ আগতে ইজনে সিজনক ওচৰৰ পৰা জনা আৰু বুজি পোৱাৰ ই এক সুবিধাজনক বিকল্প। একেলগে থাকি ভৱিষ্যতৰ সংসাৰখন পৰিচালনা কৰিব পাৰিবনে নাই, তাৰ এক বাস্তৱিক পৰীক্ষা কৰিবলৈ যুৱ প্ৰজন্মই ইয়াক প্ৰাধান্য দিয়ে। তদুপৰি, সম্পৰ্কত বিচ্ছেদ হ’লে বিবাহবিচ্ছেদৰ দৰে দীঘলীয়া আৰু খৰচী আৰু আইনী প্ৰক্ৰিয়াৰ পৰা হাত সাৰি সহজভাৱে আঁতৰি আহিব পৰা সুবিধাইও বহুতক এই জীৱনশৈলীৰ প্ৰতি আকৰ্ষিত কৰে। কিন্তু ভাৰতীয় সমাজ ব্যৱস্থাত বৈবাহিক সম্পৰ্কক এক গভীৰ দায়িত্ববোধ বুলি ভবা হয়,য’ত সামাজিক,ধৰ্মীয় দায়িত্ব জড়িত হৈ থকাৰ লগতে সন্তান জন্মদান,বংশ ৰক্ষা আৰু পিতৃ-মাতৃ আৰু পৰিয়ালৰ প্ৰতিপালনক এক পৱিত্ৰ কৰ্তব্য হিচাপে চোৱা হয়। সেইবাবেই, পৰম্পৰাগত ভাৰতীয় সমাজত বিবাহৰ পূৰ্বে সহবাস বা কোনো সামাজিক স্বীকৃতি নথকা যৌন সম্পৰ্কক নৈতিক আৰু সামাজিক নীতিৰ পৰিপন্থী বুলি গণ্য কৰা হয় আৰু লিভ-ইন সম্পৰ্কক আজিও সমাজৰ এক বৃহৎ অংশই সহজভাৱে গ্ৰহণ কৰিবলৈ টান পায়।
ভাৰতীয় সমাজ আৰু সংস্কৃতিত লিভ-ইন সম্পৰ্কক সামাজিকভাৱে গ্ৰহণ কৰা নহয় যদিও আমাৰ দেশৰ আইনে প্ৰতিগৰাকী ব্যক্তিৰ ব্যক্তিগত স্বাধীনতাক সন্মান জনাই এই ধৰণৰ সম্পৰ্কক এক আইনী সুৰক্ষা প্ৰদান কৰিছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ে কেইবাটাও ঐতিহাসিক গোচৰৰ ৰায়দানত স্পষ্ট কৰি দিছে যে দুজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে নিজৰ সন্মতি সাপেক্ষে বিবাহ পাশত আৱদ্ধ নোহোৱাকৈ একেলগে বসবাস কৰাটো কোনো অপৰাধ বা বেআইনী কাৰ্য নহয়। কেৱল সেয়াই নহয়, ঘৰুৱা হিংসা প্ৰতিৰোধ আইনৰ অধীনত লিভ-ইনত থকা মহিলাসকলকো পত্নীৰ দৰেই আইনী সুৰক্ষা আৰু ভৰণ-পোষণৰ অধিকাৰ দিয়া হৈছে আৰু এনে সম্পৰ্কৰ ফলত জন্ম হোৱা সন্তানকো সম্পূৰ্ণ বৈধ বুলি গণ্য কৰি তেওঁলোকক পিতৃ-মাতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হোৱাৰ আইনী অধিকাৰ প্ৰদান কৰা হৈছে।
প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক নাগৰিকৰে নিজৰ জীৱন সংগী বাছি লোৱা আৰু নিজৰ মতে জীয়াই থকাৰ সম্পূৰ্ণ অধিকাৰ আছে যদিও অথবা আইনী সুৰক্ষা আৰু আধুনিকতাৰ আৱৰণ থকা সত্ত্বেও ভাৰতীয় সমাজত লিভ-ইন সম্পৰ্কৰ নেতিবাচক দিশবোৰক সম্পূৰ্ণৰূপে উলাই কৰিব নোৱাৰি। আইন আৰু আধুনিকতাই সুৰক্ষা দিলেও, পৰিয়াল আৰু সমাজৰ তীব্ৰ বিৰোধিতাৰ বাবে এনে সম্পৰ্কত থকা যুৱক-যুৱতীসকলে প্ৰায়ে সামাজিক বৰ্জন আৰু মানসিক নিসংগতাৰ সন্মুখীন হ’বলগীয়া হয়। যিহেতু এই সম্পৰ্কত কোনো ধৰ্মীয় বা সামাজিক বান্ধোন নাথাকে, সেয়েহে ইয়াৰ স্থায়িত্বক লৈ সদায় এক অনিশ্চয়তা থাকে। পৰিণতিস্বৰূপে, হঠাতে সম্পৰ্কচ্ছেদ হ’লে কোনো সামাজিক প্ৰতিশ্ৰুতি নথকাৰ বাবে সংগীসকল, মানসিক আঘাত, সামাজিক লাঞ্ছনা আৰু নিৰাপত্তাহীনতাৰ গৰাহত পৰিবলগীয়া হয়। আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ’ল, আইনৰ চকুত এনে সম্পৰ্কৰ সন্তান বৈধ হ’লেও, পৰম্পৰাগত ভাৰতীয় সমাজে এনেকৈ জন্ম হোৱা সন্তানক সহজে আদৰি নলয় আৰু তেওঁলোকেও আজীৱন এক সামাজিক গ্লানি তথা পৰিচয়হীনতাৰ সংকটত ভুগিবলগীয়া হয়।
আধুনিক জীৱনশৈলীৰ এই লিভ-ইন সম্পৰ্কৰ এক ডাঙৰ নেতিবাচক আৰু ভয়াৱহ দিশ হ’ল কিশোৰ-কিশোৰী বা কম বয়সীয়া ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত পৰা ইয়াৰ কু-প্ৰভাৱ। ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰৰ বাবে কম বয়সীয়া ল’ৰা-ছোৱালীসকলে লিভ-ইন সম্পৰ্কৰ কেৱল শাৰীৰিক তথা বাহ্যিক আকৰ্ষণ আৰু স্বাধীনতাখিনিক দেখি ইয়াৰ প্ৰতি আকৰ্ষিত হয়। বহু ক্ষেত্ৰত স্কুল-কলেজত পঢ়ি থকা কিশোৰ-কিশোৰীসকলে কেৰিয়াৰ গঢ়াৰ বয়সতে পঢ়া-শুনা এৰি এনে সম্পৰ্কৰ প্ৰতি ধাবিত হয় আৰু নিজৰ ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দিয়ে। মানসিক আৰু শাৰীৰিকভাৱে অপৰিপক্ক হোৱাৰ বাবে তেওঁলোকে আৱেগৰ বশৱৰ্তী হৈ ভুল সিদ্ধান্ত লয়, যাৰ পৰিণতিত ছোৱালীগৰাকী কম বয়সতে অপ্ৰত্যাশিতভাৱে সন্তানসম্ভৱা (গৰ্ভৱতী) হ’বলগীয়া হয়। এই চৰম সত্যটো ধৰা পৰাৰ পিছত সমাজ আৰু পৰিয়ালৰ ভয় আৰু ভৱিষ্যত আন্ধাৰ হোৱাৰ আশংকাত কি কৰিব একো উপায় বিচাৰি নাপাই অসহায় হৈ অৱশেষত বহু ল’ৰা বা ছোৱালীয়ে আত্মহত্যাৰ দৰে চৰম আৰু কৰুণ পথ বাছি লয়। সামাজিক অনুশাসন আৰু পাৰিবাৰিক নিয়ন্ত্ৰণৰ অভাৱত এই নৱপ্ৰজন্মৰ নৈতিক চৰিত্ৰ স্খলন হোৱাটো বৰ্তমান সমাজৰ বাবে এক অত্যন্ত চিন্তাৰ বিষয় হৈ পৰিছে।
লিভ-ইন ৰিলেচনশ্বিপ আৰু ভাৰতীয় সংস্কৃতিৰ এই সংঘাত আচলতে প্ৰাচীন পৰম্পৰাগত মূল্যবোধ আৰু আধুনিক চিন্তধাৰাৰ মাজৰ এক চিৰন্তন যুঁজ। আধুনিক প্ৰেক্ষাপটত লিভ-ইন সম্পৰ্ক হৈছে দুজন প্ৰাপ্তবয়স্ক মানুহৰ সম্পূৰ্ণ একান্ত ব্যক্তিগত বিষয়। আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত প্ৰতিজন প্ৰাপ্তবয়স্ক ব্যক্তিৰে নিজৰ ইচ্ছা অনুযায়ী নিজৰ জীৱন সংগী বাছি লোৱাৰ সম্পূৰ্ণ অধিকাৰ নিশ্চয় আছে, কিন্তু সমাজ এখনৰ সামগ্ৰিক সুস্থিৰতা আৰু স্থায়িত্বৰ স্বাৰ্থত ভাৰতীয় সংস্কৃতিৰ মূল ভেটিস্বৰূপ পৰিয়াল কেন্দ্ৰিক ব্যৱস্থা আৰু নৈতিক সংস্কাৰক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰাটো সম্ভৱ নহয়। কেৱল আইন আৰু ব্যক্তিগত অধিকাৰৰ বলেৰে সমাজৰ স্বীকৃতি লাভ কৰিব নোৱাৰি কাৰণ মানু্হ হ’ল সামাজিক প্ৰাণী। সেয়েহে সমাজৰ গ্ৰহণযোগ্যতা লাভ কৰিবলৈ পৰম্পৰাগত দায়বদ্ধতাৰো প্ৰয়োজন হয়। সমাজ সদায় পৰিৱৰ্তনশীল, সি হ’লেও প্ৰাচীন পৰম্পৰাৰ পৱিত্ৰতা আৰু পাৰিবাৰিক অনুশাসন ৰক্ষা কৰাৰ লগতে নতুন প্ৰজন্মই সকলো কথাকে কেৱল অন্ধভাৱে অনুকৰণ আৰু গ্ৰহণ নকৰি এক সুস্থ, উদাৰ আৰু বাস্তৱসন্মত দৃষ্টিভংগীৰে বিচাৰ কৰাটোৱেই বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ আহ্বান।
