গ্ৰন্থ বিশ্লেষণ
অৰণ্যৰ আৰ্তনাদ আৰু এক দুঃসাহসিক অন্বেষণ: ‘মান্দালয়’ গ্ৰন্থৰ অনুভৱ-বীক্ষণ
বিউটী হাজৰিকা,কলিয়াবৰ
অসমৰ বৌদ্ধিক পৃথিৱী আৰু সংবাদ জগতৰ এক দেদীপ্যমান নক্ষত্ৰ হৈছে মৃণাল তালুকদাৰ। তেওঁৰ কাপৰ নিৰ্ভীকতা আৰু নিকা সাংবাদিকতাৰ দৰ্শনে সমাজৰ বহু অনুসন্ধিৎসু মনক সদায় আলোড়িত আৰু অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ অনন্য চিন্তা আৰু অনলস শ্ৰমৰ ফচল হৈছে ‘নন্দ তালুকদাৰ ফাউণ্ডেশ্বন’ৰ দ্বাৰা প্ৰকাশিত ব্যতিক্ৰমী গ্ৰন্থ ‘মান্দালয়’। এই গ্ৰন্থখন কেৱল এখন ভ্ৰমণৰ বৰ্ণিল ডায়েৰী বা বন্যপ্ৰাণীৰ গতানুগতিক বিৱৰণ নহয়, বৰঞ্চ ই হৈছে গঁড়ৰ খড়্গ সৰবৰাহৰ আঁৰত থকা এক গভীৰ, ৰহস্যময় আৰু কঁপাই যোৱা আন্তঃৰাষ্ট্ৰীয় অপৰাধ চক্ৰৰ সাহিত্যিক দস্তাবেজ।
জখলাবন্ধাৰ পৰা ভিয়েটনামলৈ: কণ্টকাকীর্ণ যাত্ৰাপথৰ ৰহস্যগাথা
গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাই পাঠকক লৈ যায় এক শিহৰণকাৰী আৰু অকল্পনীয় যাত্ৰালৈ। Indo-Assam Car Rally ৰ সহযাত্ৰী হৈ লেখকে গুৱাহাটীৰ পৰা যি যাত্ৰাৰ সূচনা কৰিছিল, সি ম্যানমাৰ, থাইলেণ্ড, লাওচৰ পাহাৰীয়া মেৰপেচ পাৰ হৈ সুদূৰ ভিয়েটনামৰ বুকুলৈকে প্ৰসাৰিত হৈছিল। চাংহাই, কুনসি, মংপেং, চিয়েম বিয়েপ বা মান্দালয়ৰ দৰে ক’লা বজাৰৰ অভিকেন্দ্ৰবোৰত সোমাই গঁড়ৰ খড়্গৰ চোৰাং বজাৰৰ আঁতিগুৰি বিচৰাৰ যি অদম্য হেঁপাহ, সি সঁচাকৈয়ে বিৰল। লেখকৰ বৰ্ণনা শৈলীৰ সজীৱতাই পাঠকক কেৱল আকৰ্ষণেই নকৰে, বৰঞ্চ এনে লাগে যেন পাঠকেও লেখকৰ ছাঁটো হৈ সেই সুদূৰ মায়াময় অথচ ভয়ংকৰ গলিবোৰত খোজ কাঢ়িছে। ইয়াৰ বাস্তৱ কাহিনীভাগে প্ৰতিপলতে পাঠকৰ মনত এক তীব্ৰ উত্তেজনাৰ সঞ্চাৰ কৰে।
লেখকে কেৱল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৌন্দৰ্য আৰু ৰহস্যতে নিজক আৱদ্ধ ৰখা নাই, বৰঞ্চ কাজিৰঙাৰ সেউজীয়া হিয়াৰ মাজত চলি থকা দীৰ্ঘদিনীয়া ৰক্তক্ষৰণৰ এক জীৱন্ত ছবিও ইয়াত অংকন কৰিছে। যোৱা ২৫ টা বছৰৰ সাংবাদিকতাৰ অভিজ্ঞতা আৰু সতীৰ্থ বনবিষয়াৰ সৈতে হোৱা মন্থনৰ ভিত্তিত তেওঁ ২০০৬ চনৰ পৰা ২০১৭ চনলৈ কাজিৰঙাত নিহত হোৱা গঁড়সমূহৰ এক মৰ্মন্তুদ খতিয়ান তুলি ধৰিছে।
এই গ্ৰন্থখনে আমাৰ গতানুগতিক ধাৰণাক সলনি কৰি এক নতুন সমাজতাত্ৱিক সত্য উন্মোচন কৰে। আমি যাক স্থানীয়ভাৱে ‘চোৰাং চিকাৰী’ বুলি ভৰ্ৎসনা কৰোঁ, আন্তঃৰাষ্ট্ৰীয় ক’লা বজাৰৰ তুলনাত তেওঁলোক যেন আংশিকভাৱেহে দোষী, আচল মাফিয়াবোৰ লুকুৱাই থাকে ধীমান সমাজৰ আঁৰত। ইয়াৰ সমান্তৰালভাৱে, হাড় কঁপোৱা জাৰ, প্ৰচণ্ড ৰ’দ বা বৰষুণক নেওচি আমাৰ সাধাৰণ বনকৰ্মীসকলে মাতৃভূমিৰ গৌৰৱ ৰক্ষাৰ্থে যি আত্মবলিদানৰ যুঁজ দিয়ে, তাক লেখকে শ্ৰদ্ধাৰে বৰ্ণনা কৰিছে। এই সংগ্ৰামৰ প্ৰসংগত বন্যপ্ৰাণী সংৰক্ষক ধৰণীধৰ বড়ো ছাৰ আৰু ‘ৱাইল্ড গ্ৰাছ’ৰ ভূমিকাৰ কথা সোঁৱৰণ কৰাটো অত্যন্ত প্ৰাসংগিক।
গ্ৰন্থখনত থাইলেণ্ডৰ বৌদ্ধ আশ্ৰমসমূহৰ পবিত্ৰ পৰিৱেশৰ আঁৰত ধৰ্মৰ নামত বাঘ পোহা আৰু চোৰাং বেহা চলোৱাৰ কদৰ্য ৰূপটোৱে পাঠকক মৰ্মাহত কৰে। একেদৰে অসমৰ চতিয়াৰ ‘বুছা’ নামৰ কুখ্যাত চিকাৰীৰ চৰিত্ৰটোৰ মাজেৰে লেখকে এক ডাঙৰ সত্য সমাজলৈ আগবঢ়াইছে— অপৰাধ জগতৰ মানুহবোৰক বাহিৰৰ অবয়বেৰে জুখিব নোৱাৰি; তেওঁলোক কথা-বতৰাত অতি অমায়িক, শালীন আৰু দেখাত পৰম ধাৰ্মিক। কিন্তু চোৰাং চিকাৰী যদি ডালে ডালে চলে, তেন্তে আমাৰ অৰণ্যক সুৰক্ষিত কৰিবলৈ ধৰণীধৰ বড়ো বা দেবেন বৰাইৰ দৰে নিষ্ঠাৱান ৰক্ষক সকলো পাতে পাতে সজাগ হৈ থাকে।
গঁড় আমাৰ স্বাভিমানী আবেগ
এটা প্ৰচলিত ধাৰণা আছে যে গোলকীয় প্ৰেক্ষাপটত অসমৰ চিনাকি আৰু ঐতিহ্যক প্ৰতিনিধিত্ব কৰা প্ৰধান উপাদান তিনিবিধ— কাজিৰঙাৰ খড়্গধাৰী গঁড়, বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকা আৰু জিভাপানী পৰা বিলাহী-বৌ মাছৰ টেঙা আঞ্জা। গতিকে, গঁড় কেৱল এটা বন্যপ্ৰাণী নহয়, ই আমাৰ প্ৰাণৰ স্পন্দন, আমাৰ অস্তিত্বৰ জাতীয় আবেগ।
মৃণাল তালুকদাৰৰ ‘মান্দালয়’ কেৱল এটা অনুসন্ধান নহয়, ই এক গভীৰ চেতনাৰ উন্মেষ। এই তথ্যসমৃদ্ধ আৰু সাহিত্যিক সৌন্দৰ্যৰে মহীয়ান গ্ৰন্থখন প্ৰতিখন শিক্ষানুষ্ঠানৰ পুথিভঁৰালৰ অলংকাৰ হোৱাটো বাঞ্ছনীয়, যাতে প্ৰতিগৰাকী নৱপ্ৰজন্মই আমাৰ প্ৰকৃতি সংৰক্ষণৰ অন্তৰালৰ এই মহাকাব্যিক সংগ্ৰামখনৰ উমান পাব পাৰে।
