আমেৰিকাৰ টেক্সাছ সীমাত হাজাৰ হাজাৰ প্ৰব্ৰজনকাৰীৰ অৱস্থান

pc- Reuters

আমেৰিকাৰ টেক্সাছ সীমাত হাজাৰ হাজাৰ প্ৰব্ৰজনকাৰীৰ অৱস্থান

অনলাইন বাৰ্ত্তাসেৱা- আমেৰিকাৰ টেক্সাছ সীমাত এটা সপ্তাহ ধৰি হাজাৰ হাজাৰ প্ৰব্ৰজনকাৰীয়ে আহি অৱস্থান গ্ৰহণ কৰিছে।এই প্ৰৱজনকাৰীসকলৰ গৰিষ্ঠসংখ্যকেই হৈছে হাইটিয়ান নাগৰিক। মার্কিন প্রব্রজন বিভাগে এই লোকসকলক সীমান্তৰ চহৰ এখনলৈ ওভতাই পঠিয়াইছে। টেক্সাছৰ ডেল ৰিঅ’ আৰু মেক্সিকোৰ কিউডাড আকুনাসংযোগী এখন দলঙৰ তলত এই লোকসকলে অৱস্থান গ্ৰহণ কৰিছিল৷ ইয়াৰে পৰা স্থানীয় বিষয়াসকলে অতি দুর্গত পৰিস্থিতিৰ সন্মুখীন হোৱা প্ৰৱজনকাৰীসক লক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ প্ৰচেষ্টা চলায়। প্ৰব্ৰজনকাৰীসকলৰ নিৰাপত্তাক লৈ আমেৰিকা আৰু মেক্সিকোত সৃষ্টি হৈছে ব্যাপক চৰ্চা।