ৰাজ্যৰ চলচ্চিত্ৰ গৃহসমূহ খোলাৰ ইংগিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

pc- The Sentinel Assam

ৰাজ্যৰ চলচ্চিত্ৰ গৃহসমূহ খোলাৰ ইংগিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

অনলাইন বাৰ্ত্তাসেৱা-  স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ চলচ্চিত্ৰ গৃহসমূহ খোলাৰ ইংগিত দি সংবাদ মেলত কয় যে ৰাজ্য চৰকাৰে চিনেমা গৃহসমূহ অতি সোনকালে খোলাৰ বাবে চিন্তা-চৰ্চা খা কৰিব। বর্তমান যিহেতু নিশা ৯ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হয়, সেয়ে নিশা আঠ বজাৰ ভিতৰত সকলো বন্ধ কৰিব লাগে। চিনেমা গৃহ চলিব লাগিলে সান্ধ্য আইনৰ সময়সীমা আৰু কিছু পলমকৈ আৰম্ভ হʼব লাগিব। সেই বাধা আঁতৰাৰ উপৰি সকলোৱে ভেকচিন লৈ চিনেমা গৃহত আহিছে নে নাই, সেয়া পৰীক্ষা কৰাটো সম্ভৱ নহয়। সেয়ে চৰকাৰে প্ৰথমতে অধিকসংখ্যক লোকক ভেকচিন দি লোৱাটো বিচাৰিছে। স্বাস্থ্যমন্ত্ৰী মহন্তই আৰু কয় যে চলিত ছেপ্টেম্বৰ মাহত কʼভিডৰ সংক্ৰমণ ৰাজ্যখনত কিমান হ্রাস পায় সেয়া পর্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে চিনেমা গৃহ খোলাৰ সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব।