আমি অভিশপ্ত নেকি
এছ ইছলাম, শিক্ষক, বৰপেটা
আমি অভিশপ্ত নেকি
স্বৰ্গৰ পৰা সোণৰ জখলাৰে
নামি আহিছিলো স্বৰ্গধামৰ পৰা
সৃষ্টিৰ পাতনিৰে পৰা।
প্ৰকৃতি আমাৰ ওপৰত
হৈছিল নেকি ৰুষ্ট
সেয়ে আজি সহিব লাগে কষ্ট
কৰিব নোৱাৰা হৈছোঁ তুষ্ট।
সঘনে আহিছে বান
খাইছে আমাৰ ধান
লৈছে বহুতো জীৱৰ প্ৰাণ
জীৱ জগত আজি ম্ৰিয়মান।
গুণী-জ্ঞানীজনক নকৰোঁ মান
ডাঙৰক নকৰোঁ সন্মান
হেৰুৱাইছোঁ নেকি আত্মজ্ঞান?
সদায় হ’ব খোজো দুৰ্নীতি পৰায়ণ।
আজি ক’লা ডাঁৱৰে আগুৰিছে
গোটেই পৃথিৱীত বিয়পিছে
সত্যৰ বিলোপ সাধন
মিথ্যাৰ জয়গান।
আচলতে আমি অভিশপ্ত নেকি?
প্ৰকৃতিয়ে দিছে এনেদৰে ফাঁকি
হে প্ৰভু জগদ্বীশ্বৰ,
ক্ষমা কৰা আমাৰ ত্ৰুটি বোৰ
শিকোৱা আমাক শিষ্টাচাৰ।