আমাৰ দেহত থকা সন্ধি বা গাঁঠিবোৰ
বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও
আমাৰ শৰীৰটো গাঁঠিৰ সমষ্টি। এই গাঁঠি বোৰ নথকা হ’লে আমি আমাৰ শৰীৰৰ অংগ সমূহ লৰচৰ কৰিব নোৱাৰিলোঁ হেঁতেন। সন্ধি বা গাঁঠি আৰু হাড় নথকা শৰীৰ এটা কল্পনা কৰিব পাৰিবানে ?কোমল এটুকুৰা মাংস পিণ্ডৰ দৰে পৰি থাকিব লাগিল হেঁতেন নহয়নে বাৰু!
হাড় বা অস্থি আৰু উপাস্থি একেলগ হৈ আমাৰ দেহৰ জঁকাটো গঠন হৈছে।আমাৰ শৰীৰত থকা মুঠ হাড়ৰ সংখ্যা কিমান হ’ব পাৰে বাৰু? ২০৬ ডাল হাড় বুলি বহুতেই জানো নহয়নে! কিন্তু জন্মৰ সময়ত অৰ্থাৎ কেঁচুৱা কালত মানৱ শৰীৰত ৩০০ ডাল হাড় থাকে। সেয়ে কেঁচুৱা এটা যদি কেনেবাকৈ পৰে আমাৰ আইতা সকলে কি কয় জানানে? একো নহয় দূখ নাপায় কেঁচুৱাৰ গাত ভগৱান থাকে। অৰ্থাৎ ভগৱান মানে সৰহ সংখ্যক টুকুৰা টুকুৰ হাড়েৰে গঠিত অকʼমানি শৰীৰ টো অতি কোমল। সেয়ে পৰিলে আঘাত নাপায়।বয়স বঢ়াৰ লগে লগে অৰ্থাৎ পূৰ্ণবয়স্ক হোৱাৰ পৰ্যায়লৈকে কিছুমান হাড় লগ ২০৬ ডাল হয়।এই হাড় বোৰ এডাল আন এডালৰ লগত লগ হৈ থাকে। এই লগ লগোৱা কামটো গাঁঠি য়ে কৰে। গাঁঠি এটাই হাড়সমূহক,ইদালে সিদালৰ গাত নলগাকৈ সহজে লৰ-চৰ কৰাত সহায় কৰে। য’তেই দুডাল হাড়, ইদালে সিদালৰ ওচৰ চাপিছে ,তাতেই একোটা গাঁঠিৰ সৃষ্টি হৈছে।হাড়ৰ মূৰবোৰত কোমলাস্থিৰ একোটা আৱৰণ থাকে। কোমলাস্থি মানে কোমল হাড়। যেনেকৈ আমাৰ নাকৰ আগ অংশ,কাণ দুখন কোমলাস্থি ৰে গঠিত। আকৌ দুডাল হাড়ৰ মাজৰ গাঁঠিত কণীৰ বীজলৰ (বগা অংশ) দৰে এবিধ পদাৰ্থ অনবৰতে টোপাটোপে পৰি থাকে। এই ৰসে হাড় দুডালৰ মাজৰ অংশ পিছল কৰি ৰাখে।
আমাৰ শৰীৰত চাৰিবিধ গাঁঠি বা সন্ধি আছে। যেনে বল আৰু চকেট সন্ধি, কেন্দ্ৰীয় সন্ধি,কব্জা সন্ধি,অচল সন্ধি। আমাৰ শৰীৰৰ গাঁঠি বোৰৰ ভিতৰত কান্ধৰ গাঁঠি সমূহেই আটাইতকৈ বেছি লৰ চৰ কৰিব লগা হয় । এই সন্ধি হৈছে বল আৰু চকেট সন্ধি। আমাৰ মূৰৰ লাওখোলাৰ তলত থকা সন্ধি হৈছে কেন্দ্ৰীয় সন্ধি। আঁঠু, আঙুলিৰ মাজৰ গাঁঠি কিলাকুটি ৰ গাঁঠি এফালেহে বেকা কৰিব পাৰি।এনে সন্ধিক কব্জা সন্ধি বুলি কোৱা হয়। কিছুমান সন্ধি লৰ-চৰ নহয়।গালৰ ওপৰৰ হনু লৰ-চৰ নহয়।এনে সন্ধিক অচল সন্ধি বোলা হয়। মুঠৰ ওপৰত চাইকেল খন চফাকৈ ৰাখি তেল দি থলে যেনেকৈ চলাবলৈ কোমল হয়, একেদৰেই সুসম আহাৰ খাই শৰীৰৰ গাঁঠি বোৰ সুস্থ কৰি ৰাখিলে আমি সু-স্বাস্থ্যৰ গৰাকী হ’ব পাৰিম।