আপাততঃ মোৰ
মাধুৰী শৰ্মা সভাপণ্ডিত
এজাক কোমল ৰ’দ বোকোছাত লৈ
মোক মেৰিয়াই ল’লে আকাশে।
চৌদিশে ফৰকাল ডাৱৰৰ মেল।
বতাহৰ কোমল স্পৰ্শত
পদুম ফুলাৰ লগন,
দুচকুত পোহৰৰ গান।
মোৰ এই বাটত কেৱল ফুলৰ সুঘ্ৰাণ।
জীৱনৰ হা-হুতাশ
মানুহৰ নিৰ্দয়তা-কলুষতা একো নাই,
চিৰন্তন সুন্দৰতাত হিয়া গুজি
মই স্বপ্নগন্ধা পথিক।
মোৰ পান্থশালাত দৰদী সুহদ।
ঈৰ্ষাৰ জাল-প্ৰতিপত্তিৰ পাহাৰ খহাই
বৈ অহা সুখৰ মোহনাত
মমতাৰ এচৰাজ
নাভাঙিবা সপোন,
বোধিদ্ৰুমৰ ছাঁ মোৰ একান্ত আপোন।