আত্মসহায়ক গােটৰ পৰা জাতীয় পতাকা ক্ৰয় কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান 

Pc- Deccan Herald

আত্মসহায়ক গােটৰ পৰা জাতীয় পতাকা ক্ৰয় কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-   দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বর্ষপূর্তি উপলক্ষে অসমতাে ‘হৰ ঘৰ তিৰংগা’ কার্যসূচী উপযুক্ত কাৰ্যসূচীৰে পালন কৰিবলৈ যাে-জা কৰা হৈছে। এই উদ্দেশ্য মনত লৈ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গােটসমূহে নিৰলসভাৱে জাতীয় পতাকা প্রস্তুতৰ কামত ব্ৰতী হৈ পৰিছেসর্বসাধাৰণ ৰাইজৰ সুবিধার্থে ৰাইজে সহজে জাতীয় পতাকা ক্ৰয় কৰি এই কাৰ্যসূচী সফল কৰিব পৰাকৈ ৰাজ্যৰ ঠায়ে ঠায়ে বিক্রী কেন্দ্র খােলা হৈছে।  এই আত্মসহায়ক গােটসমূহক অনুপ্রাণিত কৰাৰ উদ্দেশ্যে সকলাে বিভাগক আত্মসহায়ক গােটৰ পৰা জাতীয় পতাকা ক্ৰয় কৰাৰ বাবে চৰকাৰীকৰ্মৰ্চাৰী, ব্যৱসায়িক প্রতিষ্ঠান, বেংক আৰু ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহক উৎসাহিত কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে।