আখৰা – ড০ ৰাস্না ৰাজখোৱা

pc Wallpaper Cave

আখৰা

বাটে-ঘাটে, আকাৰে ইঙ্গিতে
আপুনি মোক বুজাব খোজে কিবা এটা
আৰু
মই বুজো কিবা এটা
বাটে-ঘাটে, আকাৰে ইঙ্গিতে
মই আপোনাক বুজাব খোজো ‘পূৱ’
আৰু আপুনি বুজে ‘পশ্চিম’
অৱশেষত আমি ইজনে সিজনৰ বাবে
একেলগে একেখিনি কথাকে উচ্চাৰণ কৰো–
‘অবুজনক বুজোৱা ঢেৰুৱা ঠাৰি সিজোৱা’
আপোনাৰ অনুভৱে আপোনাক ব্যক্ত কৰে
মোৰ দৰে বহু অবুজন পথিক জীৱনত লগ পাইছে
যাৰ আপোনাৰ কথা বুজাৰ সামৰ্থ নাই
মোৰ অনুভৱেও মোক সেই কথাকে বাৰে বাৰে কয়
অৱশেষত আমি ইজনে সিজনৰ বাবে
একেলগে একেখিনি কথাকে উচ্চাৰণ কৰো–
‘গৰুৰ আগত টোকাৰী বাই কাণ জোকাৰী ঘাঁহ খায়’
তথাপি বাটে-ঘাটে লগ পালে
সৌজন্যমূলক বাতাৰ্লাপত লিপ্ত হওঁ
অৱশ্যে
দূৰদৰ্শনৰ ৰাজনৈতিক কথা-বাতাৰ্ৰ অনুষ্ঠানবোৰত
প্ৰদৰ্শন কৰাৰ দৰে আমিও প্ৰায়ে
‘সৌজন্যমূলক’ৰ সংজ্ঞা নিজৰ প্ৰয়োজানুসৰি
সলনি কৰিবলৈ কুণ্ঠাবোধ নকৰো
নিজৰ স্থিতিত আমি পিতামহ ভীষ্ম
অৱশেষত আমি ইজনে সিজনৰ বাবে
একেলগে একেখিনি কথাকে উচ্চাৰণ কৰো–
‘নাও ডুবিলেও টিঙৰ পৰা নেনামে’
এনেকৈয়ে আমি অগ‌্যস্ত যাত্ৰাৰ আখৰা কৰি আছো।
——

ড০ ৰাস্না ৰাজখোৱা
জামুগুৰিহাট, শোণিতপুৰ, অসম-৭৮৪১৮০
ফোন নং- ৯৮৫৪৪৯২৩২৬