অৰুণোদয় মাহৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

Pc Facebook

অৰুণোদয় মাহৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা– মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় মাহৰ শুভাৰম্ভ কৰিলে।অৰুণোদয় মাহ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে কয়,”অৰুণোদয় হ’ল অসমৰ আটাইতকৈ ডাঙৰ আঁচনি।আৰম্ভণিতে হিতাধিকাৰীয়ে পাইছিল ৮৩০ টকা।আৰম্ভণিতে ২০ লাখ হিতাধিকাৰীয়ে পাইছিল ধন। পৰৱৰ্তী সময়ত ৮৩০ টকাৰ পৰা বৃদ্ধিহৈ ১০০০ টকা হৈছিল।এইবাৰৰ পৰা ১০০০ টকাৰ পৰা বৃদ্ধি হৈ ১২৫০ টকা হ’ব।২৫০ টকা বিদ্যুতৰ মাচুল হিচাপত দিব।আৰু ৬ লাখ নতুন হিতাধিকাৰীয়ে পাব অৰুণোদয়ৰ ধন।”উল্লেখযোগ্য যে,অৰুণোদয়ৰ হিতাধিকাৰীৰ লিষ্ট পৰীক্ষা কৰিব চৰকাৰে।আজিৰে পৰা ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এটা বিশেষ দলে তন্ন তন্নকৈ পৰীক্ষা কৰিব হিতাধিকাৰীৰ সকলো নথিপত্ৰ তথা আঁচনিৰ অৰ্হতাৰ প্ৰমাণ পত্ৰ৷পূৰ্বৰ হিতাধিকাৰীৰ বহু লোকৰ পৰোলোকপ্ৰাপ্তি হৈছে, বহুতে চাকৰি লাভ কৰিছে, বহুতে স্বেচ্চাই এৰিব বিচাৰিছে।ভুৱা তথ্য সংযোগ কৰি হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা যিকোনো হিতাধিকাৰীৰ কৰ্তন হ’ব নাম৷একেসময়তে যোগ্য হিতাধিকাৰীৰ গৃহত লগোৱা হ’ব অৰুণোদয়ৰ লগ’৷অৰুণোদয় আঁচনিত বহু ধনী পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।যাৰ বাবে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ পৰীক্ষণ আৰু পুনৰীক্ষণৰ ব্যৱস্থা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।এতিয়াৰ পৰা ঘৰত ফ্ৰীজ, চাৰিচকীয়া বাহন আদি থকা পৰিয়ালে নাপাব অৰুণোদয় আঁচনি।