অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত জনসাধাৰণক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

pc. the economic Times

অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত জনসাধাৰণক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ ৩৬সংখ্যক প্রতিষ্ঠা দিৱসত উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে এই ৰাজ্যখনক দক্ষিণ-পূর্ব এছিয়াৰ এক বৃহৎ প্ৰৱেশ পথ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে।ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত জনসাধাৰণক ভিডিঅ’ বাৰ্তাযোগে সম্বোধন কৰি প্ৰধানমন্ত্রী মোদীয়ে কয় যে অৰুণাচল প্রদেশত আধুনিক আন্তঃগাঁথনি নির্মাণ কৰা হৈছে। স্মর্তব্য যে ১৯৮৭ চনত অৰুণাচল প্রদেশে কেন্দ্রীয়শাসিত অঞ্চলৰ পৰা ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল। লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰীগৰাকীয়ে একবিংশ শতিকাত দেশৰ বিকাশৰ ইঞ্জিন উত্তৰ-পূৰ্বাঞ্চল হৈ পৰা বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতৰ কলিৰে অৰুণাচলবাসীক সম্বোধন কৰি প্ৰধানমন্ত্রী মোদীয়ে কয় যে ৰাজ্যখনক বিকাশৰ এক ক্ষেত্ৰ হিচাপে গঢ়ি তোলাই কেন্দ্ৰীয় চৰকাৰৰ সংকল্প। ইফালে অৰুণাচলৰ শিক্ষা ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।