অসম ৰাজ্যিক সমিতিৰ কাৰ্যসূচীৰ আধাৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাৰ চক্ৰৰ আয়োজন

Pc- Facebook

অসম ৰাজ্যিক সমিতিৰ কাৰ্যসূচীৰ আধাৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাৰ চক্ৰৰ আয়োজন

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতীয় ইতিহাস সংকলন সমিতিৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যসূচীৰ আধাৰত ২৩ অক্টোবৰত কামৰূপ মহানগৰ সমিতিয়ে লতিল চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহযোগত এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাৰ চক্ৰৰ আয়োজন কৰিছে। দীঘলীপুখুৰীপাৰৰ সত্যনাথ বৰা ভৱনত ‘ভাৰতৰ স্বাধীনতা আন্দোলনত কামৰূপৰ ভূমিকা’ শীৰ্ষক আলোচনা-চক্ৰত ইচ্ছুকসকলে অংশগ্ৰহণ কৰি বক্তৃতা দিব। ইচ্ছুকসকলে অহা ১০ অক্টোবৰৰ ভিতৰত বিষয় সন্দৰ্ভত ভাৰতৰ ইতিহাস সংকলন সমিতিৰ ভৰলুমুখ কাৰ্যালয়ত সাৰাংশ জমা দিব পাৰিব। ইচ্ছুকসকলে ৯০৮৫৮-৪৩০৭৭ অথবা ৮৮২২১-০৭৩০২ নম্বৰত যোগাযোগ কৰিব পাৰিব।