খাগ্ৰাবাৰী আঞ্চলিক এবছুৰ উদ্যোগত ২৭ তম মাৰ্টিয়াৰ্চ ফুটবল টুৰ্নামেন্ট

খাগ্ৰাবাৰী আঞ্চলিক এবছুৰ উদ্যোগত ২৭ তম মাৰ্টিয়াৰ্চ ফুটবল টুৰ্নামেন্ট

অমৰজিৎ ৰাভা,ওদালগুৰি,বাৰ্ত্তাসেৱা-  ওদালগুৰি জিলা খাগ্ৰাবাৰী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত ২৭ তম মাৰ্টিয়াৰ্চ ফুটবল টুৰ্নামেন্ট।  উল্লেখ্য যে খাগ্ৰাবাৰী অঞ্চলত শ্বহীদ হোৱা ১২ জনকৈ মহান ব্যক্তিৰ স্মিতি সোৱৰণত বিগত ২৬ বছৰে খাগ্ৰাবাৰী আঞ্চলিক এবছুয়ে মাৰ্টিয়াৰ্চ ফুটবল টুৰ্নামেন্ট নামে ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰি আহিছে। যোৱা দুটা বছৰে কৰোনা মহামাৰীয়ে কৰা সন্ত্ৰাসৰ ফলত কনোধৰণৰ খেল প্ৰতিযোগিতা বা অনুষ্ঠান আয়োজন কৰিব পৰা নাছিল যদিও এইবেলি কৰোনা মহামাৰীৰ প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস পোৱাত এইবেলি খাগ্ৰাবাৰী এবছুয়ে ২৭ তম মাৰ্টিয়াৰ্চ ফুটবল টুৰ্নামেন্টৰ খেলখন খাগ্ৰাবাৰী জনতা খেল পথাৰত আজিন ৩ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ সপ্তাহ জোৰা খেল অনুষ্ঠিত কৰে। ওদালগুৰি জিলা ক্ৰীড়া বিষয়া চমন্দন বসুমতাৰীয়ে সুভ উদ্ধোধন কৰা ২৭ তম মাৰ্টিয়াৰ্চ ফুটবল টুৰ্নামেন্টত প্ৰথম দিনৰ প্ৰথম দুটা খেলুৱৈৰ দল ডিমাকুছি ইউনাইতেদ FC আৰু গৰেশ্বৰ গাটছা ফুটবল দলক শুভেচ্ছা ই অভিনন্দন জনাই খেল সুভাৰম্ভণি কৰা দেখা যায়।