অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জনজাতি মৰ্চাৰ উদ্যোগত ‘জনজাতীয় গৌৰৱ দিৱস’ত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ অংশগ্ৰহণ

অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জনজাতি মৰ্চাৰ উদ্যোগত ‘জনজাতীয় গৌৰৱ দিৱস’ত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ অংশগ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেশৰ স্বাধীনতা সংগ্ৰামত আত্ম বলিদানেৰে ভাৰত মাতৃৰ শিৰ উজলাই তোলা মহান জনজাতীয় স্বাধীনতা সংগ্রামী ভগৱান বীৰ্ছা মুণ্ডাৰ জন্মজয়ন্তী উপলক্ষে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ অনসূচিত জনজাতি মৰ্চাৰ উদ্যোগত বেলতলাস্থিত দলৰ ৰাজ্যিক কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত ‘জনজাতীয় গৌৰৱ দিৱস’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে অর্থনৈতিক আন্দোলন আৰু সাংস্কৃতিক বিপ্লৱক লৈ জনজাতীয় সমাজে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল। কিন্তু ধৰ্ম, ঐতিহ্য, সংস্কৃতি পৰিৱৰ্তন কৰিবলৈ বৰ্তমান আমাৰ সমাজত অহৰহ হেঁচা অব্যাহত আছে। তেওঁ কয় যে লোক সংস্কৃতি আৰু ধৰ্ম দুটা পৃথক ব্যৱস্থা নহয়। বড়ো-কাৰ্বিসকলৰ নৃত্য মূলতঃ ভগৱানক উপাসনা কৰা নৃত্য । তথাপি এচামে বুজাব খোজে ধর্ম বেলেগ আৰু সংস্কৃতি বেলেগ। মহান স্বাধীনতা সংগ্রামী বীৰছা মুণ্ডাই জনজাতীয় সমাজৰ অধিকাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তুলিছিল। ভাষণত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে বিহুত থকা ৰাম-কৃষ্ণৰ নামকেইটা আজি এচামে নোহোৱা কৰিব খোজে। বৰগীতৰ সুৰত বেলেগ ধৰ্মৰ উপাসনা চলিছে। সংস্কৃতিৰ মেৰুদণ্ড ভাঙি দিয়াৰ বাবে এচাম লোকে প্রচেষ্টা চলাইছে। তেওঁ কয় যে শংকৰদেৱে বৰগীত কৃষ্ণ উপাসনাৰ বাবেহে সৃষ্টি কৰিছিল। বড়োসকলৰ নৃত্য বাথৌ দেৱতাক উপাসনা কৰিবৰ বাবেহে সৃষ্টি হৈছিল। নৃত্য একে ৰাখি যদি তাৰ পৰা বাথৌক নোহোৱা কৰি দিও তেন্তে প্রাণটো নোহোৱা কৰি শৰীৰটো ৰখাৰ দৰে হ’ব। তেতিয়া আমি সম্পূৰ্ণ মানুহ হ’ব নোৱাৰিম। সেয়েহে জনজাতীয় লোকসকলক এইক্ষেত্ৰত সাৱধান হ’বলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে স্বাধীনতাৰ ৭৫ বছৰ পিছত জনজাতীয় লোকসকলক ভূমিৰ অধিকাৰক মান্যতা দিবলৈ অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। মিছন বসুন্ধৰা-২.০ ৰ জৰিয়তে জনজাতীয় পৰিয়াল এটাক ৫০ বিঘা পর্যন্ত ভূমি পট্টন দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিন্তু এটা পৰিয়ালৰ যদি দুজন বিবাহিত সন্তান থাকে তেন্তে ১০০ বিঘালৈকে মাটি পাব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা-২.০ ৰ বিষয়ে ব্যাপক প্রচাৰ আৰু প্ৰসাৰৰ নিমিত্তে অনুসূচীত জনজাতি মৰ্চাৰ অধীনত এক বিশাল জনজাতীয় সন্মিলন অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ঊনবিংশ শতিকাতে জনজাতীয় জাগৰণৰ সপোন দেখা, সাংস্কৃতিক আগ্রাসনৰ কু-প্রভাৱৰ বিষয়ে অনুভৱ কৰা দূৰদৰ্শী সাহসী বীৰছা মুণ্ডা এগৰাকী অনন্য ৰাষ্ট্ৰ নেতা। কৃতজ্ঞ জাতিয়ে বীৰছা মুণ্ডাক সন্মান জনাবলৈ স্বাধীন ভাৰতৰ বহুবোৰ অনুষ্ঠান-প্রতিষ্ঠান তেওঁৰ নামত স্থাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে বীৰছা মুণ্ডা নামৰ এটি প্রতিবাদী কণ্ঠ, এটি দূৰদৰ্শী চিন্তা চিৰ জাগ্ৰত কৰি ৰাখিবলৈ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে যি পদক্ষেপ আৰম্ভ কৰিছে সেয়া আদৰণীয় । আমাৰ জাতীয় জীৱনৰ এনেবোৰ নায়কক পুনৰুজ্জীৱিত কৰি তোলাৰ মাজেৰে আমি আমাৰ দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখিব লাগিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰী ড° শৰ্মাই ভাষণত উল্লেখ কৰে যে মহান জনজাতীয় স্বাধীনতা সংগ্রামীসকলৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ ৰাজ্য চৰকাৰে গুৱাহাটীৰ হেঙেৰাবাৰীত নিৰ্মাণ কৰা অমৃত উদ্যানত উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ এগৰাকীকৈ স্বাধীনতা যুঁজাৰুৰ প্ৰতিমূর্তি স্থাপন কৰিছে। স্বনামধন্য স্বাধীনতা সংগ্রামী ক্ৰমে অসমৰ সম্বোধন ফংলো, নগালেণ্ডৰ ৰাণী গাইডিনলিউ, মণিপুৰৰ বীৰ টিকেন্দ্ৰজিৎ সিং, ত্ৰিপুৰাৰ বিদ্রোহী ৰতনমণি ৰিয়াং, ছিক্কিমৰ হেলেন লেপছা, মেঘালয়ৰ ইউ তিৰৎ সিং চিয়েম, মিজোৰামৰ ৰাণী ৰপুইলিয়ানী, অৰুণাচল প্ৰদেশৰ মজে ৰিবাৰ প্ৰতিমূৰ্তি এই উদ্যানত স্থাপন কৰা হৈছে। মুখ্যমন্ত্রীয়ে কয় যে জনজাতীয়সকলৰ ওপৰত চলি থকা আগ্রাসনৰ আজিও অন্ত পৰা নাই এতিয়াও বিভিন্ন স্থানত বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত শিক্ষা প্ৰদানৰ নামত, চিকিৎসা প্ৰদানৰ নামত মিছনেৰীসকলৰ সাংস্কৃতিক আগ্রাসন অব্যাহত আছে। জনজাতীয় গৌৰৱ আৰু সংস্কৃতিক পৰম্পৰা সংৰক্ষণ কৰাৰ বাবে সকলোকে প্রতিজ্ঞাবদ্ধ হ’বৰ বাবে সভাত তেওঁ সকলোকে আহ্বান জনায়। এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, জনজাতি কল্যাণ আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, পর্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, দলৰ ৰাষ্ট্ৰীয় নেতা অৰুণ ওৰাং, সাংসদ হৰেন সিং বে’, বিধায়ক নৱ দলে, ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি শিৱ নাথ ব্ৰহ্ম সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱ জ্যোতি মৰল মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা জুৰি শৰ্মা বৰদলৈ প্ৰমুখ্যে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নৱনিৰ্বাচিত সদস্য আৰু দলৰ বিষয়-ববীয়াসকল উপস্থিত থাকে।