অসম গণ পৰিষদৰ ৩৭ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ৩৭ সংখ্যক প্রতিষ্ঠা দিৱস ৰাজ্যজুৰি উদযাপন কৰা হয়। দলৰ প্ৰতিটো বিধান পৰিষদে দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস পালন কৰাৰ লগতে কেন্দ্ৰীয়ভাৱে শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ অন্তৰ্গত দিমৌ ৰাজহুৱা খেলপথাৰত কাৰ্যসূচী পালন কৰা হয়। এই উদ্দেশ্যে পুৱা দলৰ সভাপতি অতুল বৰাই পতাকা উত্তোলন কৰে। কাৰ্যসূচীত দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু জ্যেষ্ট নেতা ফণীভূষণ চৌধুৰীয়ে অংশ লয়। এই উপলক্ষ্যে আয়োজিত ৰাজহুৱা সভাত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই দিয়া ভাষণত কয় যে, অসম গণ পৰিষদ দলে দায়বদ্ধতা সহকাৰে ৰাজ্যখনৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে কাম কৰি আহিছে আৰু কাম কৰি যাব। স্থানীয় স্বাৰ্থ ৰক্ষাৰ বাবে আঞ্চলিকতাবাদৰ বিকল্প নাই বুলি উল্লেখ কৰি তেওঁ মিত্ৰজোটৰ অংশীদাৰী হৈ ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰি গৈছে বুলি মতপোষন কৰে। দলৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত অগপৰ সাধাৰণ সম্পাদক ড° কমলাকান্ত কলিতাই দলীয় পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। ৰাজ্যৰ প্ৰতিখন জিলাতে প্রতিষ্ঠা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰা হয়।