অসমৰ ধ্ৰুবতৰা হোমেন বৰগোহাঞি – ছেলিমা বেগম

অসমৰ ধ্ৰুবতৰা হোমেন বৰগোহাঞি
ছেলিমা বেগম
উচ্চ চিন্তাৰ অধিকাৰী তুমি, নমস্য সাহিত্যক, সাংবাদিক,কবি, গল্পকাৰ।
কলমৰ জৰিয়তে এখন সু-শৃখলিত সমাজ নিৰ্মাণ কৰা জনেই হোমেন দেৱ।
অসমীয়া সাহিত্য জগতখন চহকী কৰা তুমি নমস্য।
চিৰজীৱন অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰা জনেই তুমি।
অসমীয়া সাহিত্য পথাৰত সোণগুটি সিঁচা জনেই তুমি,
তোমাৰ কলমত অন্তৰ্নিহিত হৈ আছিল এক অমোঘ মোহিনী শক্তি!
তোমাৰ সৃষ্টি সমূহ সাহিত্য জগতত চিৰকাল ধ্ৰুৱতৰাৰ দৰে জিলিকি থাকিব ।
তোমাৰ জন্ম দিনটো সাত ডিচেম্বৰ “প্ৰজ্ঞাৰ” দিন ৰূপে পালন কৰো আমি অসমীয়া।
হোমেন বৰগোহাঞি দেৱৰ সাহিত্য জগতত সৃষ্টি ৰাজি সদায় সোণালী আখৰেৰে জিলিকি থাকক ।
এই জনা নক্ষত্ৰ আমাৰ মাজৰ পৰা বিদায় লয়, এটা কলমৰ চিয়াঁহীৰ দাগ মুচি থৈ
চিৰনিদ্ৰাত শুই পৰে বাৰ মে দুই হাজাৰ একৈছ চনত।