অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিত বৰাক চৰাইদেউ জিলাৰ অন্তৰ্গত ‘চলা গ্ৰাম্য অভয়াৰণ্য’ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি

pc- Baahi-Xomoy

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিত বৰাক চৰাইদেউ জিলাৰ অন্তৰ্গত ‘চলা গ্ৰাম্য অভয়াৰণ্য’ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিত বৰাক চৰাইদেউ জিলাৰ অন্তৰ্গত ‘চলা গ্ৰাম্য অভয়াৰণ্য’ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিয়োজিত কৰা হৈছে।বনাঞ্চলখনক সুৰক্ষিত কৰাৰ স্বাৰ্থত চলাপথাৰ শ্যাম গাঁৱৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ জনসাধাৰণে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।বনাঞ্চলখনক সংৰক্ষিত কৰিবলৈ চলাপথাৰ শ্যাম গাঁৱৰ ডেৰশ বছৰীয়া জয়ন্তীৰ কাৰ্যসূচীত গাঁওখনৰ ৰাইজে “চলা গ্ৰাম্য অভয়াৰণ্য” নামেৰে বনাঞ্চলখনক নামকৰণ কৰে।৬৩৮ হেক্টৰ মাটিকালিৰ এই গ্ৰাম্য অভয়াৰণ্যত অসম চৰকাৰৰ বন বিভাগে মাত্ৰ চাৰিগৰাকী লোকক নিয়োজিত কৰাৰ পৰিপ্ৰেক্ষিতত চলা ভিলেজ চেনচুৱেৰী কনজাৰভেচন ছচাইটীৰ দ্বাৰা নৈশ পহৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ইতিমধ্যে অসম চৰকাৰে চলা পথাৰ শ্যাম গাঁৱক আদৰ্শ গাঁও হিচাপে ঘোষণা কৰিছে।এই চলা পথাৰ শ্যাম গাঁৱত দেশী-বিদেশী পৰ্যটকে গাঁওখনৰ নিভাঁজ সুন্দৰতাক অনুভৱ কৰিবলৈ আহে আৰু চলা গ্ৰাম্য অভয়াৰণ্যক পৰ্যটনৰ উপযোগী কৰিবলৈ সক্ষম হ’লে পৰ্যটকে ভিৰ কৰাতো নিশ্চিত।