অসমক স্ব-নিৰ্ভৰশীল কৰিবলৈ আমি কি কৰা উচিত
অনামিকা (সংগীতা)/শুৱালকুছি
এখন দেশ বা ৰাজ্যৰ প্ৰগতিশীল কৰি গঢ়ি তুলিবলৈ হ’লে অৰ্থনৈতিক ভাৱে টনকিয়াল হ’ব লাগিব। তাৰ কাৰণে স্ব-নিৰ্ভৰশীল হোৱাৰ বাট মুকলি কৰিব লাগিব।
আমাৰ অসমখনত যদিও প্ৰচুৰ পৰিমাণে বনজ সম্পদকে আদি কৰি সকলো ফালে পৰিপূৰ্ণ কিন্তু অৰ্থনৈতিক দিশত সবল নহয়। তাৰ কাৰণ অসম লোক সকল স্ব-নিৰ্ভৰশীল নহয়।
ইয়াৰ অন্তৰালত কেৰোণ বহুত আছে।
উদাহৰণ-ভাৰতৰ বিভিন্ন ৰাজ্যৰ ভিতৰত চাহ উৎপাদনৰ ক্ষেত্ৰত অসম ৰাজ্য প্ৰধান। কিন্তু চাহপাত উৎপাদন হ’লেই নহ’ব ইয়াৰ প্ৰস্তুত কৰা কোম্পানী টাকৰ। আমাৰ অসমতকৈ বেলেগ ৰাজ্যৰ হে চাহপাতৰ প্ৰস্তুত কোম্পানী আৰু গৱেষণা কেন্দ্ৰ বেছি আছে।এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিব লাগিব।
দ্বিতীয়তে আমাৰ কূটীৰ শিল্পবোৰৰ অৱস্থা দেখিলে মন সেমেকি যায়। কাঁহ-পিতলৰ বাচন বৰ্তন ,তাঁত শিল্প ,বাঁহ-বেঁতৰ শিল্পবোৰৰ পঁয়ালগা অৱস্থা। বৰ্তমান প্ৰযুক্তি বিদ্যাৰ যুগত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে ইয়াৰ প্ৰসাৰ বৃদ্ধি কৰিব লাগিব।বিক্ৰী কৰাৰ ক্ষেত্ৰত বজাৰ সৃষ্টি কৰিব লাগিব
এইবোৰৰ উপৰিও যদি অসমৰ নৱপ্ৰজন্মক আনুষ্ঠানিক শিক্ষাৰ উপৰিও বৃত্তিগত শিক্ষা প্ৰদান কৰা হয় তেতিয়া অসমক স্ব-নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা যাব বুলি আশা কৰিব পাৰি।