অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক নিলম্বন ফিফাৰ

Pc The Wire

অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক নিলম্বন ফিফাৰ

ৰঙিলী বাৰ্ত্তাসেৱা–  তৃতীয় পক্ষৰ ‘অনুচিত প্ৰভাৱ’ৰ অভিযোগ তুলি অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক তৎকালীনভাৱে নিলম্বন কৰিছে। ফিফাই দিয়া এক তথ্য অনুসৰি, ফিফা পৰিষদৰ ব্যুৰ’য়ে সৰ্বসন্মতিত তৃতীয় পক্ষৰ দ্বাৰা অনৈতিক প্ৰভাৱ বিস্তাৰৰ অভিযোগত অল ইণ্ডিয়া ফুটবল ফেডাৰেচন তৎকাল প্ৰভাৱৰ দ্বাৰা নিলম্বিত কৰে যিয়ে ফিফাৰ নিয়মসমূহৰ গুৰুত্বৰ উলংঘন কৰা বুলি ফিফাই জনায়।ফিফাই জনাই যে, এআইএফএফৰ নিলম্বনৰ ফলত ২০২২ চনৰ ১১ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈকে ভাৰতত অনুষ্ঠিত হ’বলগীয়া ফিফা অনুৰ্ধ্ব-১৭ মহিলা বিশ্বকাপ ২০২২ বৰ্তমানৰ পৰিকল্পনা অনুসৰি অনুষ্ঠিত নহ’ব। লগতে জনায় যে ফিফাই এই বিশ্বকাপ সন্দৰ্ভত পৰৱৰ্তী পদক্ষেপৰ মূল্যাঙ্কন কৰি আছে আৰু প্ৰয়োজন হ’লে বিষয়টো পৰিষদৰ ব্যুৰোলৈ প্ৰেৰণ কৰিব। ফিফাই প্ৰকাশ কৰা অনুসৰি এআইএফএফ প্ৰশাসনে এআইএফএফৰ দৈনন্দিন কাম-কাজত সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰাৰ পিছত এই নিলম্বন প্ৰত্যাহাৰ কৰা হ’ব।