অমৃত – ইভা গন্ধীয়া ফুকন

PC - Down to Earth
 অমৃত
ইভা গন্ধীয়া ফুকন
সময় নদীৰ কোবাল সোঁতত
ভাঁহি আহে ইখনৰ পিছত সিখন জীৱনৰ অমৃতময় ছবি
ওপজিয়ে মাতৃৰ বুকুৰ অমৃতে জীয়ালে মোক
বিনন্দীয়া ধৰাৰ অমৃত পান কৰিবলে !
অমৃত মহোৎসব
অমৃত বৃক্ষ আন্দোলন,অমৃত কলহ অভিযান
সেউজী ধৰণী ধুনীয়া
হওঁ আহাঁ আমি তাৰ ৰখীয়া
গছপুলি ৰোপণ কৰি
অমৃত বৃক্ষ আন্দোলন এপত
ফটো আপলোড কৰি
হ’লো অমৃত বৃক্ষ আন্দোলনৰ অংশীদাৰী
গছ থাকিলেহে মানুহ থাকিব
নাচিব সুখাতুৰ পশু- পক্ষী
সেৱন কৰিব জীয়াই থকা বিশুদ্ধ অমৃত
সেয়ে এক কোটি বৃক্ষ ৰোপণ কৰি
বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা
ঘৰে ঘৰে মাটি ভৰাই
অমৃত কলহ অভিযান
সকলোৱে মিলি কৰোঁ সফল
অমৃত কলহৰ কিযে মহিমা
নেতাৰ ফুলজাৰিত উৰে অমৃত কলহৰ গৰিমা
বিষ উগাৰি অমৃতৰ সন্ধান কৰা !
অনুপম জীৱনত
মহৎ লোকৰ অমৃত বাণী
তাৰ ঘ্ৰাণেৰে সজাওঁ জীৱনৰ বিলাসী কুসুম
আস্তিক -নাস্তিক দিন ৰাতিৰ সন্ধিক্ষণত
প্ৰজ্ঞাৰে জ্বলোৱা অমৃত সন্ধানী মণিকূটৰ চাকি  !!