অবৈধ স্বামীৰ সন্তানবোৰো অবৈধ নেকি ?- দেবর্ষি গৌতম

Pc ABC News

  অবৈধ স্বামীৰ সন্তানবোৰো অবৈধ নেকি ?

     এগৰাকী অবৈধ স্বামীৰ লগত এগৰাকী মহিলাই জন্ম দিয়া সন্তান এটা নিশ্চিতভাৱে অবৈধ বুলিয়ে সকলোৱে গণ্য কৰিব। এগৰাকী মহিলাই এগৰাকী পুৰুষক স্বামী হিচাপে গ্ৰহণ কৰাৰ পিছত সেই পুৰুষ গৰাকীক মহিলা গৰাকীৰ অবৈধ স্বামী বুলি কোৱাটো কিমান যুক্তি সংগত সেয়া কিন্তু এক বিচাৰ্য্য বিষয় ? এগৰাকী অবৈধ স্বামীৰ সৈতে এগৰাকী মহিলাই জন্ম দিয়া সন্তানক সেই মহিলা গৰাকীয়ে কোনো কাৰণতে সেই গৰাকী অবৈধ স্বামীক সন্তানৰ পিতৃ বুলি পৰিচয় প্ৰদান নকৰে। আচলতে অবৈধ স্বামীৰ এই ধাৰণাটো অধিক প্রাণ পাই উঠে চৰকাৰ আৰু পুলিচ প্ৰশাসনে বাল্যবিবাহ জনিত অপৰাধত অভিযুক্ত স্বামী সকলকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথা ঘোষণাৰ আৰম্ভণি কৰাৰ পৰাই। অবৈধ স্বামীৰ ধাৰণটোক লৈ বহুতে লোকে মতামত আগবঢ়াইছে যে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত কোনো পুৰুষ বা মহিলাকে অবৈধ স্বামী বা স্ত্ৰী বুলি অভিহিত কৰাটো গ্রহণযোগ্য নহয়। বাল্যবিবাহ কৰা স্বামী সকল অভিযুক্ত হব পাৰে কিন্তু অবৈধ স্বামীৰ ধাৰণাটো একেবাৰে যুক্তি সংগত নহয়। আমাৰ সমাজত প্ৰচলিত নিয়ম অনুসৰি এগৰাকী বিবাহিত মহিলাই যদি নিজৰ স্বামীৰ অজ্ঞাতে অন্য কোনো পুৰুষৰ লগত গোপনে সম্পৰ্ক ৰক্ষা কৰে তেনেহলে তেনে সম্পর্কক আমাৰ সমাজত অবৈধ সম্পৰ্ক বুলি গণ্য কৰাৰ লগতে মহিলা গৰাকীয়ে অবৈধ সম্পৰ্ক ৰক্ষা কৰা সেই পুৰুষ গৰাকীক অবৈধ স্বামী বুলিও অভিহিত কৰা হয়। গতিকে তেনেকুৱা প্ৰেক্ষাপটত এগৰাকী পুৰুষক স্বামী হিচাপে গ্ৰহণ কৰি সকলোৰে জ্ঞাতে তেওঁৰ লগত সম্পৰ্ক স্থাপন কৰাৰ পিছত সেই মহিলা গৰাকীৰৰ স্বামীক অবৈধ স্বামী বুলি অভিহিত কৰাৰ যুক্তিযুক্ততা কত আছে বুলি বহু লোকে প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে। অবৈধ স্বামী বুলি অভিহিত কৰাৰ পৰিবৰ্তে তেনেকুৱা পুৰুষ সকলক অভিযুক্ত স্বামী হিচাপে অভিহিত কৰাটো বেছি যুক্তিসংগত বুলি একাংশ লোকে দাবী কৰিছে। অইন ভংগ কৰা এগৰাকী লোকে আইনৰ নীতি নিয়ম অনুসৰি শাস্তি লাভ কৰাটো বাধ্যতামূলক এই কথা কোনেও নুই কৰিব নোৱাৰে। কিন্তু কোনো এগৰাকী ব্যক্তি অপৰাধী হলেও সেই ব্যক্তি গৰাকীৰ আত্মসন্মানত আঘাত কৰিব নোৱাৰে।।

                       দেবর্ষি গৌতম
                      বনগাঁও