গাভৰু জনী
ইপাৰৰ সিপাৰৰ আৱৰণ সেউজী,
মাজতে ফাগুনৰ ধূলিময় কেঁচা বাট,
আগবাঢ়ে দুভৰি দৃষ্টি আগলৈ,
অনুসন্ধিৎসু মন লৈ ঠিকনাবিহীন এটি যাত্ৰাত।
এজনী গাভৰু ৰূপ তাইৰ অপৰূপ,
ৰূপৱতী তাইৰ ৰূপত বিভোৰ,
সম্মুখত চোৱাৰ অপ্ৰতিৰোধ্য হাবিয়াস।
অলপতে সিঁচিল ফুলিঙ্গ প্ৰেমৰ,
পলকতে বোৱাইছিল এবুকু মৰম,
মুহূৰ্ততে গুচি গ’ল এই বাটে তাই,
সৰা পাতৰ ওপৰেৰে মৌ মিঠা হাঁহিৰে।
বহু দূৰ আগুৱালো সন্ধান নাপালোঁ,
ভাগৰুৱা দেহত নামে বেদনা দুখৰ,
লোতক বাগৰি দুচকু তিতে,
টোপ টোপ কৈ নিগৰি মিলি যায় মাটিৰ লগত।
ভাগ্যক ধীয়াই উভতি আহোঁ,
আশাহ’ত মনত সান্তনা ঢালি,
সন্ধ্যা আকাশৰ কাঁচিজোনক সাক্ষী কৰি,
আকৌ সন্ধানৰ প্ৰতিশ্ৰুতি দিওঁ।
মুন শৰ্মা,
লখিমপুৰ
লখিমপুৰ