অপেক্ষা – ময়ুৰাক্ষী গগৈ

pc Medium

অপেক্ষা

ময়ুৰাক্ষী গগৈ

ক’ত হেৰাল কণ কণ মইনাহঁতৰ
সেই হাঁহি-ধেমালিৰ দিনবোৰ ?
সমনীয়াৰ হ’তে খেলাৰ দিনবোৰ,
একেলগে বহি পঢ়াৰ সময়বোৰ ?
জিৰণিত টিফিন ভগাই খোৱাৰ মুহূত্ববোৰ,
পিছদিনা আকৌ লগ পোৱাৰ আশাবোৰ….
মুক্তমনে পখিলা খেদা বয়সৰ মইনাহঁত
আজি চাৰি বেৰৰ ভিতৰত বন্দী।
পঢ়াশালিৰ মুক্ত শিক্ষাৰ পৰিৱৰ্তে
অনলাইন শিক্ষাৰ প্ৰয়োভৰ।
ক’ত হেৰাল সেই আনন্দৰ ক্ষণবোৰ…
আকৌ আহিবনে ঘূৰি ?
মাথো অপেক্ষা….।