আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অনুষ্ঠিত ৭৬সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

pc PM India

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অনুষ্ঠিত ৭৬সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

অনলাইন বাৰ্ত্তাসেৱা – ২৫ ছেপ্তেম্বৰ তাৰিখে আৰম্ভ হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অনুষ্ঠিত ৭৬সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে ‘ভাৰত সংস্কাৰ হ’লে সলনি হয় বিশ্ব’ বুলি প্ৰকাশ কৰে আৰু লগতে তেখেতে বিগত ১০০ বছৰৰ ভিতৰত ভয়াৱহ ক’ভিড-১৯ মহামাৰীৰ বাবে প্ৰাণ হেৰুওৱা লোকসকলক স্মৰণ কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। দেশৰ মাননীয় প্রধানমন্ত্রীগৰাকীয়ে লগতে ভাৰতীয় গণতন্ত্ৰৰ ঐতিহ্য, সন্ত্রাসবাদকে ধৰি বিভিন্ন বিষয়ক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। চুবুৰীয়া ৰাষ্ট্র পাকিস্তানক আক্ৰমণৰ লক্ষ্য কৰি লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষভাৱে দেশখনে সন্ত্রাসবাদক ৰাজনৈতিক সঁজুলি হিচাপে ব্যৱহাৰ কৰি থকা বুলি অভিযোগ কৰি ৰাষ্ট্ৰসংঘৰ মজিয়াত পাকিস্তানৰ সন্ত্ৰাসবাদক লৈ দুমুখীয়া নীতিক উদঙাই দিয়ে। তালিবানে নিজৰ দখললৈ অনা আফগানিস্তানৰ ভূমিৰ পৰা যাতে সন্ত্রাসবাদ সম্প্ৰসাৰণ হ’ব নোৱাৰে তাৰ প্ৰতি বিশ্বৰ দেশসমূহক সূক্ষ্ম দৃষ্টি ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে দেশখনত যাতে সকলো সময়তে মহিলা-শিশু-সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক সহায় আগবঢ়ায় তাৰ বাবে আহ্বান জনায় প্রধানমন্ত্ৰীগৰাকীয়ে ৷ দেশে স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকী উদযাপন কৰা উপলক্ষে ভাৰতীয় শিক্ষাৰ্থীৰ দ্বাৰা নিৰ্মাণ কৰা ৭৫টা কৃত্রিম উপগ্রহ মহাকাশলৈ উৎক্ষেপণ কৰা হ’ব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।