অনলাইন ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণ আৰু ডুপ্লিকেট ড্ৰাইভিং লাইচেঞ্চ সেৱাৰ শুভাৰম্ভ

অনলাইন ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণ আৰু ডুপ্লিকেট ড্ৰাইভিং লাইচেঞ্চ সেৱাৰ শুভাৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনলাইন ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণ আৰু ডুপ্লিকেট ড্ৰাইভিং লাইচেঞ্চ সেৱাৰ শুভাৰম্ভ কৰে।প্ৰযুক্তিভিত্তিক এই সমাধানৰ দিশত অসম দেশৰ ষষ্ঠখন ৰাজ্য হিচাপে পৰিগণিত হৈছে।এই সেৱাই সুশাসনৰ যোগেদি প্ৰশাসন ব্যৱস্থাক ৰাইজৰ সমীপলৈ লৈ যোৱাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, শেহতীয়া মাহত অনলাইনযোগে লাৰ্নাৰ লাইচেন্স পাব পৰা ব্যৱস্থা কৰা হৈছিল।ইয়াৰ জৰিয়তে ১ লাখ ৩৮ হাজাৰ লাৰ্নাৰ লাইচেন্স লাভ কৰিবলৈ সক্ষম হৈছে।পূৰ্বে এইসকল লোকে জিলা পৰিবহণ কাৰ্যালয়লৈ আহিব লগা হৈছিল।যাৰ ফলত বৃহৎসংখ্যক লোকৰ দিনটোৰ কাম ক্ষতি হৈছিল।’এতিয়া সেয়া নহয়, ঘৰতে বহি লাইচেন্স ল’ব পাৰিছে। মাথোঁ মূল লাইচেন্স লোৱাৰ বাবে এদিন পৰীক্ষা দিব লাগিব।এতিয়া লাইচেন্স নবীকৰণ তথা ডুব্লিকেট লাইচেন্স ঘৰতে বহি উলিয়াব পাৰিব।বছৰৰ শেষত আৰু কেইবাটাও ব্যৱস্থা সংযোজন কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়,বাহনৰ ঠিকনা পৰিৱৰ্তন অনলাইন যোগে হ’ব।ডিলাৰসমূহে প্ৰদান কৰিব বাহনৰ পঞ্জীয়ন পত্ৰ।জিলা পৰিবহণ কাৰ্যালয়ত আহিব নালাগে গৰাকী।