The Bhutto Dynasty- দেৱীকা বৰপূজাৰী

Pc Amazon

The Bhutto Dynasty
( Penguin Viking)

অশুভ বিবাহৰ ৰাজনীতি ! এখন নতুন কিতাপ, য’ত ভুট্টো ৰাজবংশৰ বিপদ সংকুল দিনবোৰৰ লগতে পাকিস্তানৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী বেনাজিৰ ভুট্টো আৰু তেওঁৰ পলো খেলুৱৈ বনাম ৰাজনীতিবিদ স্বামী আছিফ আলি জাৰদাৰীৰ সম্পৰ্কৰ বিষয়ে লিখা হৈছে।
বেনাজিৰে গভীৰ ভাৱে জাৰদাৰীক ভাল পাইছিল; তেওঁক স্বামীয়ে বহু কথাতে বাধা দি তেওঁক অসুখী কৰিলেও বেনাজিৰে জাৰদাৰিক সম্বোধন কৰিছিল “my lion” বুলি ! সন্তুষ্ট জাৰদাৰিয়ে, কোনোবাই এবাৰ কাৰোবাৰ লগত বেনাজিৰৰ তুলনা কৰাত কৈছিল ” মোৰ পত্নীৰ সমান ধুনীয়া কোনোৱেই নাই” আৰু বেনাজিৰ স্বামীৰ এই প্ৰশংসা শুনি লাজ আৰু আনন্দত ৰঙা পৰি গৈছিল।
আচলতে, বেনাজিৰ অবিহনে জাৰদাৰিৰ কোনো অস্তিত্বই নাছিল। বেনাজিৰে ক্ৰমশঃ গম পাই গৈছিল যে জাৰদাৰি স্বামী হিচাবে বিশ্বাসযোগ্য নহয় । এবাৰ White House ত হিলাৰী ক্লিণ্টন ৰ আগত সেয়েহে তেওঁ কৈছিল,
” আমি দুয়ো আমাৰ জীৱনৰ পৰা এই কথা জানিছো যে, পুৰুষে ঘৰ নোহোৱা মেকুৰীৰ দৰে ব্যৱহাৰ কৰে আৰু সাৰি যায় “।
তালাকৰ পক্ষপাতী বেনাজিৰ নাছিল, কাৰন এয়া হলে ৰাজনৈতিক ক্ষেত্ৰত নানা কথা ওলাব আৰু তেওঁ কিছু ৰক্ষণশীলো আছিল ! যলৈকে যায়, সকলোৱে বেনাজিৰক যি ধৰণৰ মান সন্মান আৰু আদৰ জনায়, সেয়া দেখি জাৰদাৰিৰ নিজকে বৰ তুচ্ছ ভাব হয়।
১৯৮৮ চনত ইংলেণ্ড লৈ যাওঁতে দুয়ো এক high profile ডিনাৰলৈ যাওঁতে, আহিবৰ সময়ত visitor book ত বেনাজিৰে লিখিলে ” Benazir Bhutto, Prime Minister of Pakistan, Govt House, Islamabad” আৰু জাৰদাৰি য়ে লিখিলে ” Asif Zardari, a nobody” আচলতে ভুট্টোৰ অপাৰ মাটি সম্পত্তিৰ লোভেও জাৰদাৰিক পাছলৈ টকা পইচা আৰু ক্ষমতাৰ লোভ বাৰুকৈয়ে হৈছিল, বেনাজিৰে সকলো কথা জানিও স্বামী হিচাবে জাৰদাৰিক শ্ৰদ্ধা কৰিছিল, ভাল পাইছিল বহুত, কোনোবাই জাৰদাৰিৰ কথা কিবা বেয়াকৈ কলে সহ্য কৰিব নোৱাৰিছিল আৰু জাৰদাৰিয়ে সেই বোৰৰে সুবিধা লৈছিল। এইখন কিতাপ একেবাৰেই নতুন, মই কেৱল review টো পঢ়ি হে ইয়াত লিখিছো। এইখন পঢ়িলে ক্ষমতাৰ শিখৰত থকা নাৰীয়ে, স্বামীৰ বহুতো বিৰোধী কথা জনাৰ পাছতো যে স্বামীক অন্ধ ভাবে ভাল পাব পাৰে আৰু সামন্ত বাদী প্ৰথা যে বেনাজিৰে গুচাব পৰা নাছিল সেই কথাও জানিব পৰা যায়।

দেৱীকা বৰপূজাৰী
মুম্বাই