দীর্ঘ ১৯ বছৰৰ অন্তত নাৰেংগী হত্যাকাণ্ডৰ গোচৰৰ ৰায়

দীর্ঘ ১৯ বছৰৰ অন্তত নাৰেংগী হত্যাকাণ্ডৰ গোচৰৰ ৰায়

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰায় ১৯ বছৰৰ পাছত কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে লোকনিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা অজয় ডেকাৰ হত্যাকাণ্ডৰ গোচৰত অসম গণ পৰিষদৰ নেতা জিণ্টু চৌধুৰীক দোষী সাব্যস্ত কৰিছে ৷ দীর্ঘদিনীয়া শুনানিৰ অন্তত  আদালতে লোকনির্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা অজয় ডেকাৰ হত্যাকাণ্ডৰ গোচৰত অসম গণ পৰিষদৰ নেতা জিন্টু চৌধুৰীক দোষী সাব্যস্ত কৰি ৰায়দান দিয়ে। আনহাতে, পর্যাপ্ত সাক্ষ্য-প্রমাণৰ অভাৱত আন পাঁচজন অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছে আদালতে। জিলা আৰু সত্ৰ ন্যায়াধীশ নাৰায়ণ উপাধ্যায়ৰ আদালতে অৱশ্যে দোষী সাব্যস্ত হোৱা জিন্টু চৌধুৰীৰ শাস্তিৰ পৰিমাণ এতিয়াও ঘোষণা কৰা হোৱা নাই। পৰৱৰ্তী শুনানিত আদালতে তেওঁৰ শাস্তি নির্ধাৰণ কৰিব। ন্যায়াধীশ নাৰায়ণ উপাধ্যায়ৰ আদালতত এই গোচৰত দোষমুক্ত হোৱা পাঁচজন অভিযুক্ত হৈছে ৰিন্টু চৌধুৰী, অকণ কুমাৰ দাস, অমৰ থাপা, সুভাষ ৰয় আৰু অনিল শৰণীয়া। উল্লেখ্য যে বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে আন অনিল শৰণীয়া নামৰ অভিযুক্তজনৰ মৃত্যু হৈছিল। বিশেষ চৰকাৰী অধিবক্তাই সাংবাদিকৰ আগত কয়, “১৯ বছৰৰ পাছত আমি ৰায় নিশ্চিত কৰিছো ৷ গোচৰটোত ছয়জন অভিযুক্ত আছিল, ইয়াৰে এজনৰ বিচাৰৰ সময়ত মৃত্যু হৈছিল ৷ ৰাজনৈতিক প্ৰভাৱ থকা জিণ্টু চৌধুৰীক আদালতে দোষী সাব্যস্ত কৰাৰ বিপৰীতে বাকী চাৰিজনক দোষমুক্ত কৰা হৈছে ৷” আদালতৰ ৰায়দানৰ পাছতে দোষী সাব্যস্ত হোৱা জিণ্টু চৌধুৰীক আৰক্ষীৰ জিম্মাত লোৱা হয় । চৰকাৰী অধিবক্তাগৰাকীয়ে দোষীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ বাবে আবেদন জনাব বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে ২০০৭ চনৰ জুলাই মাহত লোকনিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা অজয় ডেকাক অপহৰণ কৰি হত্যা কৰা হৈছিল। পিছত গুৱাহাটীৰ নাৰেংগীস্থিত সেনা ছাউনীৰ সমীপৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত দিছপুৰ থানাত ৮৮৫/২০০৭ নম্বৰত গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীৰ তদন্ত অনুসৰি, ৰে’ল বিভাগত চাকৰি দিয়াৰ প্রলোভনেৰে ছয় লাখ টকাৰ বিত্তীয় লেনদেনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদৰ পৰিণতিতে জিন্টু চৌধুৰীৰ নেতৃত্বত অজয় ডেকাৰ এই হত্যাকাণ্ড সংঘটিত হৈছিল। প্রায় ১৯ বছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতৰ এই ৰায়ে গোচৰটোৰ এক গুৰুত্বপূৰ্ণ দিশ নিষ্পত্তি কৰিলে। এতিয়া পৰৱৰ্তী শুনানিত জিন্টু চৌধুৰীৰ শাস্তিৰ পৰিমাণ কি হ’ব, সেয়া লক্ষণীয় হ’ব। ইফালে ৰায়দান সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি অজয় ডেকাৰ পত্নীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ১৯ বছৰ ধৰি বিচাৰি থকা ন্যায়ৰ এটা অংশ লাভ কৰি তেওঁ কিছু সকাহ পাইছে, কিন্তু তেওঁ মূল অভিযুক্ত বুলি অভিহিত কৰা ৰিন্টু চৌধুৰীক দোষমুক্ত কৰা কাৰ্যত সন্তুষ্ট নহয়। তেওঁ অভিযোগ কৰে যে ৰিন্টু চৌধুৰীয়ে টকা ঘূৰাই দিয়াৰ অজুহাতত তেওঁৰ স্বামীক মাতি নিছিল আৰু পৰৱৰ্তী সময়ত আন কেইবাজনো লোকৰ সৈতে মিলি পৰিকল্পিতভাৱে তেওঁক হত্যা কৰা হৈছিল। তেওঁ এডাল ৰছী ক্ৰয় কৰা সম্পর্কীয় তথ্য আৰু অন্যান্য প্ৰমাণৰ কথা উল্লেখ কৰি বাকী অভিযুক্তসকলক দোষমুক্ত কৰাৰ ওপৰতো তেওঁ প্রশ্ন উত্থাপন কৰে। তেওঁ লগতে কয় যে মূল অভিযুক্তজনে শাস্তি পালেহে তেওঁ সম্পূৰ্ণৰূপে সন্তুষ্ট হ’ব আৰু প্রয়োজন হ’লে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰে।