দুলীয়াজানৰ ট্রিপল মাৰ্ডাৰত জড়িত দুই অভিযুক্ত গুলীবিদ্ধ
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ১৬ নৱেম্বৰৰ দিনা সৰ্বত্রে চাঞ্চল্যকৰ সৃষ্টি কৰা দুলীয়াজানৰ ট্রিপল মাৰ্ডাৰৰ মূল অভিযুক্ত ৰাজু দাস আৰু আমিৰ দাস যোৱানিশা আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয়। ঘটনাৰ প্ৰাপ্ত বিৱৰণ অনুসৰি ডিব্ৰুগড় সদৰ আৰক্ষীয়ে সাত দিনৰ জিম্মাত দুই ঘাতকক লগত লৈ তিনিচুকীয়াৰ বিভিন্ন ঠাইত হত্যাকাণ্ডৰ লগত জড়িত বিভিন্ন ক্লু বিচাৰি অপাৰেচন চলাই থকা সময়তে যোৱা নিশা আন্ধাৰৰ সুযোগ লৈ পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ এনকাউণ্টাৰৰ সন্মুখীন হ’ল দুই ঘাতক ৰাজু আৰু অমিৰ। ডিব্ৰুগড় অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষৰ নেতৃত্বত তদন্তকাৰী আৰক্ষী বিষয়া দুলীয়াজান থানাৰ পৰিদৰ্শক দিব্যজ্যোতি দত্তসহ আৰক্ষীৰ এটা বৃহৎ দলে ত্রিপল মাৰ্ডাৰৰ তদন্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত ঘটনাত ব্যৱহৃত হাতুৰীটো উদ্ধাৰ অভিযানত ঘাতকক তিনিচুকীয়াৰ পৰা দুলীয়াজানৰ বালিজান চাহ বাগিচাৰ দিশে আনি থকা অৱস্থাত হঠাৎ দুই ঘাতকে দুজনকৈ আৰক্ষী কনিষ্টবলক আঘাত কৰি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে দুই ঘাতকলৈ লক্ষ্য কৰি পাঁচ ৰাউণ্ড গুলী কৰে। ইয়াৰে চাৰি ৰাউণ্ড গুলী দুই ঘাতকৰ ভৰিত লাগে। মূল অভিযুক্ত ৰাজু দাসৰ সোঁ-আঁঠুত আৰু অমিৰ দাসৰ ভৰিৰ তলৰ অংশত গুলীবিদ্ধ হৈ সংকটজনক অৱস্থাত বর্তমান ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। ইফালে ঘাতকৰ হাতত জখম হোৱা দুলীয়াজানৰ দুই আৰক্ষী কনিষ্টবল নিতুল শইকীয়া আৰু মনোজ লাহনক লগে লগে দুলীয়াজান অইল হাস্পতালত ভর্তি কৰোৱা হয়। দুয়ো বর্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে। ঘটনাক্রমে দুই ঘাতক ৰাজু-অমিৰৰ স্বীকাৰোক্তিৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে দুলীয়াজান আৰক্ষীৰ সহযোগত তিনিচুকীয়াৰ বিভিন্ন স্থানত যোৱা তিনিদিন ধৰি হত্যাকাণ্ডৰ সৈতে জড়িত আন আন ক্লুৰ লগতে ব্যৱহৃত সামগ্ৰী উদ্ধাৰৰ অভিযান চলাই আছিল। সেই সময়ত হত্যাকাৰীয়ে ব্যৱহাৰ কৰা হাতুৰীটো আৰক্ষীয়ে লাভ কৰা নাছিল। আৰক্ষীক বিভ্রান্তি সৃষ্টি কৰা দুই ঘাতকক লগত লৈ সিহঁতৰ ভাষ্য অনুসৰি দুলীয়াজানৰ বালিজান চাহ বাগিচাত অভিযান চলাবলৈ আহোঁতে নিউ ডিৰিয়াল চাহ বাগিচাৰ পহিলাবাৰী ডিভিজনৰ ৯ নম্বৰ লাইনত আৰক্ষীয়ে দুই হত্যাকাৰীক গাড়ীৰ পৰা নমাবলৈ লওঁতেই নিশা আন্ধাৰৰ সুযোগত কাষতে থকা দুগৰাকী কনিষ্টবলক বেয়াকৈ আঘাত কৰি আৰক্ষীৰ বেষ্টনী ফালি পলাবলৈ চেষ্টা কৰে। হঠাৎ সংঘটিত আচামীৰ কাণ্ডত হতচকিত হৈ আৰক্ষী দলটোৱে দুই ঘাতকক ৰখোৱাৰ চেষ্টাৰে ভৰিলৈ লক্ষ্য কৰি গুলী কৰে। নিশা প্রায় ১১.৩০ বজাত সংঘটিত ঘটনাটোৰ পাছতে টেঙাখাট চৰকাৰী চিকিৎসালয়ত প্রাথমিক চিকিৎসা প্রদান কৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ দুই ঘাতকক আনি চিকিৎসা প্রদান কৰে বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াই সাংবাদিকৰ আগত উল্লেখ কৰিছে। আনহাতে ডিব্ৰুগড়ৰ চিকিৎসকে উল্লেখ কৰে যে প্ৰায় পুৱতিনিশা আঢ়ৈমান বজাত গুলীবিদ্ধ দুয়োকে চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। এজনক অস্থিৰোগ আৰু আনজন ঘাতকক শল্য চিকিৎসা বিভাগত চিকিৎসা প্রদান কৰি থকা হৈছে। বৰ্তমান ঘাতক দুটাৰ ভৰিৰ পৰা গুলী বাহিৰ কৰা হৈছে আৰু দুয়ো সুস্থিৰ অৱস্থাত আছে। আনহাতে নাৰকীয় ঘটনাৰ তদন্তৰ আওতালৈ আহিছে তিনিচুকীয়াৰ হোটেল প্রাইমলেণ্ড। জঘন্য হত্যাকাণ্ড সংঘটিত কৰি দুই অভিযুক্ত হত্যাকাৰীয়ে তিনিকোণীয়াৰ পৌৰসভাৰ বজাৰস্থিত উক্ত হোটেলখনত নিশা যাপন কৰিছিল। এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্তৰ খাতিৰত প্রাইমলেও হোটেলত অভিযান চলাই তথ্যপাতি আহৰণ কৰা পিছত আজি হোটেলখনৰ স্বত্বাধিকাৰী আৰু মেনেজাৰক সোধ-পোছৰ বাবে তলব কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে কোনো তথ্য সদৰী কৰা নাই যদিও ট্রিপল মাৰ্ডাৰ কাণ্ডৰ সৈতে তৃতীয় ব্যক্তি বা পক্ষ জড়িত বুলি চর্চা চলিছে।
