প্ৰেমৰ সাঁকো
মেৰী বৰদলৈ ,নগাঁও,ফুলগুৰি
প্ৰেমৰ সাঁকোত
বগাই ফুৰা মানুহবোৰ
ভয় নাই কলিজাত
প্ৰেমৰ সাঁকো ভাঙি পৰাৰ৷
প্ৰেমৰ সাঁকোত
বগাই ফুৰা মানুহবোৰ
ভয় নাই অলপো
কোনোবাই এৰি যোৱাৰ৷
প্ৰেমৰ সাঁকোত
বগাই ফুৰা মানুহবোৰ
নিলাজ নহয় তেওঁলোক
কেৱল প্ৰেমৰ কবিতা লিখিব জানে
হৃদয় জুৰাই৷
প্ৰেমৰ সাঁকোত
বগাই ফুৰা মানুহবোৰ
পাগল নহয় তেওঁলোক
তেওঁলোকে মাথোঁ
ভালপোৱা দিব জানে সঁচাৰ৷
প্ৰেমৰ সাঁকোত
বগাই ফুৰা মানুহবোৰ….!!!
