LICয়ে আগবঢ়ালে ২৫ লাখ টকা লাভলীনা বৰগোঁহাইলৈ

LICয়ে আগবঢ়ালে ২৫ লাখ টকা লাভলীনা বৰগোঁহাইলৈ

অনলাইন বাৰ্তাসেৱা – অলিম্পিক পদক অৰ্জন লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা জনাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে। অলিম্পিকত পদক বিজয়ী প্ৰথম অসমীয়া লাভলীনালৈ ভাৰতীয় জীৱন বীমা নিগমৰ (LIC) তৰফৰ পৰা আগবঢ়োৱা হয় ২৫ লাখ টকাৰ উপহাৰ। লগতে ভাৰতীয় জীৱন বীমা নিগমৰ তৰফৰ পৰা গামোচা শৰাইয়ে লাভলীনা বৰগোহাঁইক উষ্ম আদৰণি জনোৱা হয়। অনুষ্ঠানটোত জীৱন বীমা নিগমৰ যোৰহাট মাণ্ডলীক কাৰ্য্যালয়ৰ জ্যেষ্ঠ মণ্ডল প্ৰৱন্ধক প্ৰকাশ মিশ্ৰ উপস্থিত থাকে। আনহাতে একেটা দিনতে য়েছ বেংক (Yes Bank) ৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে ১০ লাখ টকাৰ এটি স্বাস্থ্য বীমা আগবঢ়াই লাভলীনালৈ।

সেইদৰে গোলাঘাট জিলা সাহিত্য সভা, ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদ, বৰগোহাঁই বংশাৱলী আদি আনুষ্ঠানেও খেলুৱৈগৰাকীক সম্বৰ্ধনা জনায়।