কেন্দ্ৰক নতুন আইন অনাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- তেজৰ সম্পৰ্ক বা ঘনিষ্ঠ আত্মীয়ৰ সৈতে বিবাহৰ প্ৰথা সন্দৰ্ভত কেন্দ্ৰক এইবাৰ উচ্চতম ন্যায়ালয়ে এক ডাঙৰ পৰামৰ্শ দিছে। এনে বিবাহে ভৱিষ্যত প্ৰজন্মৰ মাজত জিনগত ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। উচ্চতম ন্যায়ালয়ে বিচাৰিছে কেন্দ্ৰই এইবাৰ আইন প্ৰণয়ন কৰি ঘনিষ্ঠ আত্মীয় বা তেজৰ সম্পৰ্ক থকা লোকৰ সৈতে বিয়া হোৱাটো বন্ধ কৰক। এই সম্পর্কীয় আইন প্রণয়নৰ বাবে কেন্দ্ৰক অনুপ্ৰেৰণা দিছে শীর্ষ ন্যায়ালয়খনে। আদালতে লগতে কয় যে বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যক্ৰম আৰু বিভিন্ন মাধ্যমৰ জৰিয়তে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগে। মুখ্য ন্যায়াধীশ সূৰ্য্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে এই পৰ্যবেক্ষণ কৰে। ছার্ভি এছ নামৰ বেংগালুৰুৰ এগৰাকী আইনৰ ছাত্ৰীয়ে তেজৰ সম্পৰ্ক থকা লোকৰ মাজত বিয়া বন্ধ কৰাৰ দাবীত উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। তেওঁ যুক্তি দর্শায় যে এইধৰণৰ বিয়া হ’লে ভৱিষ্যৎ প্ৰজন্মৰ শিশুহঁতে বিভিন্ন জিনগত সমস্যাত ভোগাৰ আশংকা আছে। এনে ক্ষেত্ৰত জন্মগত বিকৃতি, ইন্দ্রিয়গত প্রতিবন্ধকতা, বিকাশজনিত অক্ষমতা, শিশুৰ মৃত্যু আৰু অপুষ্টিজনিত নানা সমস্যাৰ সৃষ্টি হ’ব পাৰে। বেংগালুৰুৰ এই ছাত্ৰীগৰাকী নিজেই তেজৰ সম্পৰ্ক থকা এক দম্পতীৰ সন্তান আৰু জন্মগতভাৱে ৪০ শতাংশ দৃষ্টিশক্তিহীন। তেওঁ প্ৰশ্ন কৰে যে তেজৰ সম্পৰ্কৰ লোকৰ মাজত বিয়া বন্ধ কৰিলেই এই সমস্যাসমূহ এৰাই চলিব পৰা যায়। তাৰ পিছতো কিয় এই দেশৰ ন্যায় ব্যৱস্থাই এইধৰণৰ বিয়াৰ অনুমতি দিয়ে। এই গোচৰটোত শীর্ষ ন্যায়ালয়খনে জনায় যে এইদৰে আইনৰ জৰিয়তে এনে তেজৰ সম্পৰ্ক থকা ব্যক্তিৰ মাজত বিয়া বন্ধ কৰিব পৰা যায় নে নাই সেয়া সম্পূৰ্ণৰূপে দেশৰ সংসদৰ বিবেচ্য। মুখ্য ন্যায়াধীশ সূর্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে এই পর্যবেক্ষণ জনায় যে এনেধৰণৰ বিয়া ৰোধ কৰা বা নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা উচ্চতম ন্যায়ালয়ৰ নাই। ইয়াকে লৈ আইন প্রণয়নৰ এক্তিয়াৰ আছে চৰকাৰৰ। কিন্তু উপযুক্ত আইনৰ প্ৰয়োজনীয়তা চালিজাৰি চোৱাৰ বাবে ভাৰত চৰকাৰক অনুপ্রাণিত কৰাৰ উদ্দেশ্যে এখন ন’টিচ পঠিয়াইছে উচ্চতম ন্যায়ালয়ে। শীর্ষ ন্যায়ালয়খনে কৈছে- ‘আমি তেওঁলোকক নির্দেশ দিব নোৱাৰোঁ। আমি কেৱল তেওঁলোকক সংবেদনশীলভাবে বিষয়টো ভাবি চোৱাৰ বাবে অনুপ্ৰেৰণা দিব পাৰোঁ।’ উচ্চতম ন্যায়ালয়ে ধাৰণা কৰিছে যে এই বিষয়ে জনসচেতনতা বৃদ্ধি কৰাৰ প্ৰয়োজন। প্রয়োজনসাপেক্ষে স্কুলীয়া পাঠ্যক্ৰম বা প্ৰচাৰ মাধ্যমৰ যোগেদি নাগৰিকসকলক সতৰ্ক কৰি দিব পৰা যাব। তাৰ লগতে শীর্ষ ন্যায়ালয়খনে এই কথাও মানি লৈছে যে বিয়া হ’ল ব্যক্তিগত পছন্দ-অপছন্দৰ বিষয়। সকলোৱে জানি-বুজি সিদ্ধান্ত লোৱা উচিত।মুঠতে এই গোচৰৰ পিছত দেশৰ বিবাহ ৰীতি-নীতি, ব্যক্তিগত স্বাধীনতা আৰু ভৱিষ্যত প্ৰজন্মৰ স্বাস্থ্য সুৰক্ষাৰ ওপৰত নতুন আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে আত্মীয়ৰ মাজত বিবাহ এতিয়াই নিষিদ্ধ কৰা হোৱা নাই। এতিয়া কেন্দ্ৰৰ সঁহাৰি আৰু পৰৱৰ্তী পদক্ষেপৰ ওপৰতে সকলো নিৰ্ভৰ কৰিছে।
