২৫ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত উৎকণ্ঠাৰ অন্ত পেলাই আগন্তুক ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্রিক)ৰ দিন ঘোষণা কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’র্ডে। সেই অনুসৰি আগন্তুক বৰ্ষৰ ২৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰকাশিত সময়সূচী অনুসৰি পৰীক্ষাৰ প্ৰথম দিনা আগবেলা আছে হিন্দী বিষয়। ২৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাৰ সামৰণি পৰিব অহা ১৬ মাৰ্চত। প্রকাশিত সময়সূচী অনুসৰি ২৬ ফেব্ৰুৱাৰীত আগবেলা উচ্চ গণিত (ঐচ্ছিক বিষয়), ভূগোল (ঐচ্ছিক বিষয়), বুৰঞ্জী (ঐচ্ছিক বিষয়), সংস্কৃত (ঐচ্ছিক বিষয়), কম্পিউটাৰ বিজ্ঞান (ঐচ্ছিক বিষয়), বাণিজ্য (ঐচ্ছিক বিষয়), নেপালী (ঐচ্ছিক বিষয়), আৰবী (ঐচ্ছিক বিষয়) আৰু পাচী (ঐচ্ছিক বিষয়) ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ১ মার্চত আগবেলা (এমআইএল) অসমীয়া বিষয়ৰ লগতে ইংৰাজী (এন) পৰীক্ষা অনুষ্ঠিত হ’ব। ২ মার্চত আগবেলা হ’ব এনএছকিউএফ (ঐচ্ছিক) পৰীক্ষাসমূহ। পিছবেলা মণিপুৰী (ঐচ্ছিক), চান্থালী (ঐচ্ছিক) পৰীক্ষা অনুষ্ঠিত হ’ব। ৫ মাৰ্চৰ আগবেলা অনুষ্ঠিত হ’ব সমাজ বিজ্ঞানৰ পৰীক্ষা। ৮ মাৰ্চত আগবেলা অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা। ৯ মাৰ্চৰ আগবেলা (ঐচ্ছিক) বিষয়ৰ সংগীত, নৃত্য, উডক্রাফ্ট আৰু গার্হস্থ্য বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ’ব। পিছবেলা অনুষ্ঠিত হ’ব ফাইন আর্টছ আৰু গাৰমেন্ট ডিজাইনিং (ঐচ্ছিক) পৰীক্ষা। ১২ মাৰ্চত আগবেলা অনুষ্ঠিত হ’ব বিজ্ঞান বিষয়ৰ পৰীক্ষা। ১৩ মাৰ্চত আগবেলা অনুষ্ঠিত হ’ব যোগ আৰু শাৰীৰিক শিক্ষা, এআই আৰু ৰব’টিকছ, টেলিকম (এনএছকিউএফ), মিডিয়া আৰু এণ্টাৰটেইনমেণ্ট তথা শক্তি বিভাগৰ পৰীক্ষা। পিছবেলা অনুষ্ঠিত হ’ব অসমীয়া ঐচ্ছিক বিষয়ৰ পৰীক্ষা। ১৬ মাৰ্চত আগবেলা অনুষ্ঠিত হ’ব সাধাৰণ গণিতৰ পৰীক্ষা। অসম ৰাজ্যিক স্কুল শিক্ষা ব’র্ডে সময়সূচীত উল্লেখ কৰা অনুসৰি পৰীক্ষাসমূহ পুৱাৰ ভাগত ৯ বজাৰ পৰা আৰু আবেলি ভাগৰ দুপৰীয়া ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব। সময়সূচীত উল্লেখ কৰা মতে, পৰীক্ষাৰ্থীসকলে পুৱাৰ ভাগত ৮.১৫ বজাত আৰু আবেলি ভাগত ১২.৪৫ বজাত পৰীক্ষা কেন্দ্রত উপস্থিত হ’ব লাগিব। পৰীক্ষা আৰম্ভ হোৱাৰ ১০ মিনিট আগতে কেৱল প্রশ্নকাকত পঢ়িবলৈ দিয়া হ’ব। ২০২৭ চনৰ ২৭ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰো সময়সূচী প্রকাশ কৰে। এই অনুসৰি অহা ১২ মাৰ্চৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব। পৰীক্ষা অহা ৫ এপ্রিলত অন্ত পৰিব। পৰীক্ষাৰ সময়সূচী অনুসৰি ১২ মার্চ শুকুৰবাৰে পিছবেলা ইংৰাজী, ১৩ মাৰ্চত শনিবাৰে পিছবেলা উদ্যমিতা বিকাশ, ১৫ মার্চ সোমবাৰে পিছবেলা এমআইএল, ঐচ্ছিক ইংৰাজী, ১৬ মার্চ মঙলবাৰে পিছবেলা অর্থনৈতিক ভূগোল, ফাইন আর্টছ, ১৭ মাৰ্চৰ পিছবেলা অর্থনীতি, ১৮ মাৰ্চৰ আগবেলা মিউজিক গ্রুপ, পিছবেলা কম্পিউটাৰ বিজ্ঞান আৰু প্রয়োগ। ১৯ মাৰ্চৰ আগবেলা এআই/এথিক্স আৰু পিছবেলা মাল্টিমিডিয়া আৰু ৱেব টেকন ‘লজীৰ পৰীক্ষা আছে। ২০ মাৰ্চৰ আগবেলা ব্যৱসায় অধ্যয়ন, পিছবেলা ৰসায়ন বিজ্ঞান আৰু শিক্ষা বিষয়ৰ পৰীক্ষা আছে। ২৪ মার্চ বুধবাৰে পিছবেলা পদার্থ বিজ্ঞান, একাউন্টেঞ্চী, ৰাজনীতি বিজ্ঞানৰ পৰীক্ষা আছে। ২৫ মার্চ বৃহস্পতিবাৰে আগবেলা দক্ষতা বিষয় আৰু পিছবেলা সামূহিক বিজ্ঞানৰ পৰীক্ষা আছে। ২৭ মার্চ শনিবাৰে পিছবেলা জীৱবিজ্ঞান, বীমা, বুৰঞ্জী। ২৯ মার্চ সোমবাৰে আগবেলা মনোবিজ্ঞান, পিছবেলা তর্ক বিজ্ঞান আৰু দৰ্শনৰ পৰীক্ষা আছে। ৩০ মার্চ মঙলবাৰে আগবেলা আৰবী, পাচী, সংস্কৃত, টাই ভাষা আৰু পিছবেলা উচ্চতৰ ভাষাসমূহৰ পৰীক্ষা আছে। ৩১ মার্চ বুধবাৰে আগবেলা গ্রুপ বিৰ দক্ষতা বিষয় পৰীক্ষা আৰু পিছবেলা গণিতৰ পৰীক্ষা আছে। ১ এপ্রিল বৃহস্পতিবাৰে পিছবেলা নৃতত্ত্ব, বিক্রী ব্যৱস্থাপনা আৰু বিজ্ঞাপন, ২ এপ্রিলত পিছবেলা ব্যৱসায়িক গণিত আৰু পৰিসংখ্যা বিজ্ঞান, ভূগোলৰ পৰীক্ষা আছে। ৩ এপ্রিল শনিবাৰে আগবেলা স্বদেশ অধ্যয়ন আৰু পিছবেলা পৰিসংখ্যা বিজ্ঞানৰ পৰীক্ষা আছে। ৫ এপ্রিল সোমবাৰে আগবেলা ভূতত্ত্ব, সমাজতত্ত্ব আৰু পিছবেলা বিত্ত, বিত্তীয় সাক্ষৰতা বিষয়ৰ পৰীক্ষা আছে। ইফালে আজি ২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফৰ্ম ফিলাপৰ বাবে অনলাইন প’র্টেল পুনৰ মুকলি কৰিছে অসম ৰাজ্যিক স্কুল শিক্ষা ব’ৰ্ডে। সেই অনুসৰি ১৯ নৱেম্বৰ অৰ্থাৎ আজিৰ পৰা ২৩ নৱেম্বৰলৈ এই অনলাইন প’র্টেল মুকলি থাকিব। পৰীক্ষাৰ্থীসকলে ৩০ নৱেম্বৰৰ ভিতৰত পৰীক্ষা মাচুল জমা দিব লাগিব।
