ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ নতুন সৃষ্টি – “অলৌকিক গল্প”
ৰহস্য, কৌতুহল আৰু অলৌকিকতাৰে ভৰা এক নতুন জগতলৈ পাঠকক আদৰণি
বিহমাৰী,অৰুণা ধৰ বৈষ্ণৱ,ৰঙিলী বাৰ্ত্তাসেৱা- এছিয়া মহাদেশৰ ভিতৰতে সৰ্বাধিক গ্ৰন্থ প্ৰকাশ কৰি অভিলেখ সৃষ্টি কৰা অদ্বিতীয় ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ নৱতম গল্প পুথি “অলৌকিক গল্প” আজি প্ৰকাশ হৈ ওলাল। অসমৰ প্ৰথিতযশা প্ৰকাশন গোষ্ঠী ৰেখা প্ৰকাশনে প্ৰকাশ কৰা সুন্দৰ ছপা, আকৰ্ষণীয় বেটুপাত আৰু যত্নৰে সজোৱা এই পুথিখনত আছে ৰহস্য, কৌতুহল আৰু অলৌকিকতাৰ মাজতো জীৱনৰ সত্য। যাৰ গল্প পঢ়িলে নিশাৰ নিস্তব্ধতাতো গা শিয়ৰি উঠে, যাৰ কলমত ৰহস্য, ভৌতিকতা আৰু মানৱীয় অনুভূতি একেলগে জী উঠে, সেই প্ৰিয় সাহিত্যিকগৰাকীৰ “প্ৰিয় গল্প”, “শ্ৰেষ্ঠ গল্প”, “ভৌতিক গল্প”, “ৰহস্য গল্প” আৰু “হ’ৰৰ গল্প”কে ধৰি পূৰ্বৰ পুথিসমূহেও পাঠকৰ মাজত যথেষ্ট আলোড়ণৰ সৃষ্টি কৰিছে। সহজ ভাষা, টান টান পৰিস্থিতি আৰু শেষলৈকে পাঠকক বান্ধি ৰখাৰ ক্ষমতাই তেখেতৰ গল্পৰ বিশেষত্ব। পুথিখন সংগ্ৰহ কৰিবলৈ ইচ্ছুক পাঠকে অনলাইন যোগেও সংগ্ৰহ কৰিব পাৰিব। যোগাযোগৰ বাবে – ফোন নম্বৰ – 94351 14203। এনে এটি মূল্যৱান পুথি পাঠকৰ হাতত তুলি দিয়াৰ বাবে অসম সাহিত্য সেৱা মঞ্চৰ তৰফৰপৰা ৰেখা প্ৰকাশন গোষ্ঠীক আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰা হৈছে। অসমীয়া গল্প সাহিত্যক জীয়াই ৰাখিবলৈ আৰু প্ৰিয় সাহিত্যিকগৰাকীক উৎসাহ দিবলৈ পুথিখন সংগ্ৰহ কৰি পঢ়িবলৈ সকলো পাঠককে আহ্বান জনোৱা হৈছে। নিজে পঢ়ক, পৰিয়ালৰ সকলোকে পঢ়িবলৈ দিয়ক, বন্ধু-বান্ধৱক উপহাৰ দিয়ক।
