বিশ্বনাথ জিলাৰ, বালিচাং মণ্ডলৰ TLM মেলা সম্পন্ন
শিক্ষকৰ সৃষ্টিশীলতাৰ প্ৰদৰ্শনৰ প্ৰয়াস
বিহমাৰী,অৰুণা ধৰ বৈষ্ণৱ,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২০ নৱেম্বৰত, বিশ্বনাথ জিলাৰ, বালিচাং প্ৰাথমিক বিদ্যালয়ৰ চৌহদত বালিচাং মণ্ডলৰ উদ্যোগত সাংখ্যিক আৰু স্বাক্ষৰতা বিষয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনী তথা TLM মেলা অনুষ্ঠিত হয়। মণ্ডলৰ মুঠ ১০ খন বিদ্যালয়ে এই মেলাত অংশগ্ৰহণ কৰে। TLM মেলাত শিক্ষক-শিক্ষয়িত্ৰীসকলে নিজৰ সৃষ্টিশীলতাৰে প্ৰস্তুত কৰা বিভিন্ন আকৰ্ষণীয় আৰু উপযোগী শিক্ষণ সামগ্ৰী প্ৰদৰ্শন কৰে।

শিশুৰ শিকন প্ৰক্ৰিয়াক সহজ, আনন্দদায়ক আৰু ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা এই সামগ্ৰীসমূহে উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। প্ৰতিযোগিতাত বিদ্যালয়ৰ সহকৰ্মীসকলৰ সহযোগিতা আৰু অক্লান্ত প্ৰচেষ্টাৰ ফলত আয়োজক বালিচাং প্ৰাথমিক বিদ্যালয়ে সাংখ্যিক আৰু স্বাক্ষৰতা দুয়োটা বিষয়তে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। দুয়োটা বিষয়তে দ্বিতীয় স্থান লাভ কৰে উত্তৰ খেৰবাৰী প্ৰাথমিক বিদ্যালয়ে। তৃতীয় স্থান লাভ কৰে ২ নং দিলিচাং প্ৰাথমিক বিদ্যালয় আৰু নাহৰণি প্ৰাথমিক বিদ্যালয়ে।

উক্ত অনুষ্ঠানত মণ্ডল সমন্বয়ক জোনাচ তেলহান, পৰ্যবেক্ষক হিচাপে, বালিচাং হাইস্কুলৰ প্ৰধান শিক্ষক ৰমেশ নাথ, সহকাৰী শিক্ষক ধনঞ্জয় কুৰ্মী, আৰু বিশিষ্ট অতিথি হিচাপে, বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পৰেশ বৰা উপস্থিত থাকে। সুন্দৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰা আৰু পুৰস্কৃত হোৱা সকলো বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীলৈ আয়োজক সমিতিয়ে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।
