শিক্ষিত যুৱপ্ৰজন্ম আৰু নিবনুৱা সমস্যাৰ বাস্তৱ ছবি কুণ্ডিল হাজৰিকা

Pc Unsplash

শিক্ষিত যুৱপ্ৰজন্ম আৰু নিবনুৱা সমস্যাৰ বাস্তৱ ছবি

কুণ্ডিল হাজৰিকা
তামূলী গাঁও, ভগামুখ, যোৰহাট

শিক্ষাই এখন সমাজক আগুৱাই নিয়াৰ লগতে এখন দেশৰ ভৱিষ্যৎ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এখন দেশৰ উন্নতি বহু পৰিমাণে নিৰ্ভৰ কৰে সেই দেশৰ যুৱপ্ৰজন্মৰ জ্ঞান, দক্ষতা আৰু কৰ্মস্পৃহাৰ ওপৰত। কিন্তু বৰ্তমান সময়ত আমাৰ সমাজৰ এক গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে শিক্ষিত যুৱক-যুৱতীৰ মাজত নিবনুৱা সমস্যাৰ প্ৰসাৰ। উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পাছতো বহু যুৱক-যুৱতীয়ে নিজৰ যোগ্যতা অনুসৰি কৰ্মসংস্থাপনৰ সুযোগ নোপোৱাটো আজিৰ সমাজৰ এক বাস্তৱ ছবি।

প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে শিক্ষাজীৱনৰ আৰম্ভণিৰে পৰা একোটা সুন্দৰ ভৱিষ্যতৰ সপোন দেখে। বহু কষ্ট আৰু ত্যাগৰ বিনিময়ত তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰে। কিন্তু পঢ়া-শুনা শেষ কৰাৰ পাছত কৰ্মসংস্থাপনৰ সন্ধানত নামি বহুতে হতাশ হ’বলগীয়া হয়। সীমিত চাকৰিৰ সুযোগ, প্ৰতিযোগিতাৰ তীব্ৰতা আৰু নিযুক্তি প্ৰক্ৰিয়াৰ দীঘলীয়া অপেক্ষাই তেওঁলোকৰ ভৱিষ্যৎক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়ে।

ইয়াৰ আন এটা উল্লেখযোগ্য কাৰণ হৈছে আমাৰ শিক্ষা ব্যৱস্থা আৰু কৰ্মক্ষেত্ৰৰ মাজত থকা ব্যৱধান। বহু শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ ডিগ্ৰী লাভ কৰিলেও কৰ্মক্ষেত্ৰত প্ৰয়োজন হোৱা ব্যৱহাৰিক জ্ঞান আৰু কাৰিকৰী দক্ষতা আহৰণৰ সুযোগ নাপায়। ফলত অৰ্হতা থকাৰ পাছতো বহুতে উপযুক্ত কাম বিচাৰি হাবাথুৰি খাবলগীয়া হয়। কেৱল ডিগ্ৰী প্ৰদান কৰাই শিক্ষাৰ উদ্দেশ্য হ’ব নোৱাৰে শিক্ষাৰ সৈতে কৰ্মমুখী জ্ঞান আৰু বাস্তৱ দক্ষতাৰো সমন্বয় ঘটিব লাগিব।

নিবনুৱা সমস্যাই কেৱল এজন যুৱক-যুৱতীৰ জীৱনতে প্ৰভাৱ নেপেলায়, ইয়াৰ প্ৰভাৱ পৰিয়াল আৰু সমগ্ৰ সমাজখনৰ ওপৰতো পৰে। দীৰ্ঘদিন ধৰি কৰ্মসংস্থাপনৰ অপেক্ষাত থাকি বহু যুৱক-যুৱতীয়ে নিজৰ আত্মবিশ্বাস হেৰুৱাবলৈ ধৰে। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ বহু প্ৰতিভাৱান যুৱক-যুৱতীয়ে উপযুক্ত সুযোগ আৰু সা-সুবিধাৰ অভাৱত নিজৰ প্ৰতিভা বিকাশৰ পথ বিচাৰি নাপায়।

এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰী চাকৰিৰ সুযোগ বৃদ্ধিৰ লগতে ব্যক্তিগত খণ্ড, ক্ষুদ্ৰ উদ্যোগ, কৃষি আৰু স্বনিয়োজনৰ ক্ষেত্ৰতো অধিক গুৰুত্ব দিব লাগিব। শিক্ষা ব্যৱস্থাক সময়োপযোগী আৰু কৰ্মমুখী কৰি তোলাৰ লগতে যুৱপ্ৰজন্মক নতুন নতুন দক্ষতা আহৰণৰ বাবে উৎসাহিত কৰাটো জৰুৰী। লগতে নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা আৰু সময়মতে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটোও নিশ্চিত কৰিব লাগিব।

পৰিশেষত ক’ব পাৰি যে শিক্ষিত যুৱপ্ৰজন্ম এখন দেশৰ বোজা নহয়, বৰঞ্চ দেশৰ আটাইতকৈ মূল্যৱান সম্পদ। তেওঁলোকৰ জ্ঞান, যোগ্যতা আৰু প্ৰতিভাক সঠিকভাৱে কামত খটুৱাব পাৰিলেহে এখন শক্তিশালী আৰু স্বাৱলম্বী সমাজ গঢ়ি তোলা সম্ভৱ হ’ব। সেয়েহে কেৱল শিক্ষিত যুৱপ্ৰজন্ম গঢ়ি তোলাই যথেষ্ট নহয়, তেওঁলোকৰ বাবে উপযুক্ত কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাটোও সমানেই প্ৰয়োজনীয়। কাৰণ যুৱপ্ৰজন্মৰ সপোন পূৰণৰ মাজতেই এখন দেশৰ উন্নতি আৰু উজ্জ্বল ভৱিষ্যৎ নিহিত হৈ থাকে।