ৰঙীণ আলোকসজ্জাৰে উদ্ভাসিত দীপাৱলী
দুলুমণি দেৱী,মাকুম
দীপাৱলী উৎসৱ এটি আনন্দমুখৰ পোহৰৰ উৎসৱ ৷ ভাৰতবর্ষৰ প্রায় ঠাইতে এই পোহৰৰ উৎসৱটি অতি উলহমালহেৰে পালন কৰা দেখা যায় ৷ দীপাৱলীক আদৰিবলৈ ভিন্ন ঠাইত ভিন্ন ধৰণে প্রস্তুতি চলায়৷ হিন্দুসকলৰ পৱিত্র উৎসৱটি অৱশ্যে অনান্য ধৰ্ম যেনে শিখ ,জৈন ইত্যাদি ধর্মৰ লোকসকলেও পালন কৰে৷ইয়াত ধৰ্মীয় আৰু আধ্যাত্মিক দুয়োটা দিশেই সংযুক্ত হৈ থাকে ৷দীপাৱলী কিয় পালন কৰা হয় তাৰো গভীৰ অর্থ আছে৷
পৰম্পৰাগতভাৱে চলি অহা এই উৎসৱটিত আধুনিকতাৰ যথেষ্ট পৰশ আমি দেখিবলৈ পাও ৷ আধুনিকতাৰ পৰশত উৎসৱটিৰ অতীত মর্যদা ,গুণ তথা গুৰুত্ব যাতে অটুট থাকে তাৰ প্রতি আমি মন দিয়া উচিত৷শৈশৱৰ সময়ছোৱাত মন কৰিছিলো মাটি চাকিয়ে সুন্দৰকৈ জিলিকাই ৰখা চৌদিশৰ পৰিবেশটো চালেই চকুৰোৱা আছিল ৷কৰবাত এটা দুটা ফটকাৰ শব্দ দুৰৈৰ পৰা ভাঁহি আহিছিল ৷ শান্তি সম্প্রীতি এটি সুন্দৰ বাতাবৰণে বিৰাজ কৰিছিল ,অনুপম এক মাদকতাই চুই গৈছিল প্রতিটো পল অনুপল ৷বর্তমান সেই ছবিখনৰ ঠাই ললে নতুন নতুন লাইট ,উচ্চস্তৰৰ শব্দৰে আকাশ ছানি ধৰা ব’ম ,ফটকা,ৰকেট ইত্যাদিয়ে ৷এতিয়া এনে লাগে দীপাৱলী দিনকেইটা পৰিবেশ প্রদুষণ নকৰাকৈ শান্তি বর্তাই ৰাখিবনে ? পোহৰৰ ঠাইত কলীয়া ধোঁৱাৰে আকাশ ছানি ধৰা দৃশ্য দেখিলে দর্জা খিৰিকি বন্ধ কৰি ভিতৰত সোমাই থাকিবলগা পৰিবেশ,কেৱল সেয়াই নহয় উচ্চ স্তৰত কাণত বাজি উঠা ফটকা শব্দত বুকু কঁপি উঠে ৷ফটকাৰ টুকুৰাবোৰ টিঙপাতত পৰি সৃষ্টি হোৱা শব্দই পোহৰৰ আনন্দখিনিত হেঙাৰ আনি দিয়ে৷ শান্তিয়ে ৰাস্তাত খোজ কাঢ়িবও নোৱাৰি কিজানিবা ফটকাৰ পৰা ওলোৱা জুইৰ ফিৰিঙতি উভৰি আহে ,ৰাস্তাৰ মাজতে ফুটাই থকা দৃশ্যবোৰ বৰ ভয়লগা৷
আশা কৰিছো দীপাৱলীৰ গুৰুত্ববুজি উৎসৱটিত সকলোৰে শান্তি সম্প্রীতিৰ মাজত পালন কৰি অটুট ৰাখক৷
