উচ্চতম ন্যায়ালয়ত পুনৰ মুখথেকেচা শ্যামকানু-সিদ্ধার্থৰ
ৰঙিলী বাৰ্ত্তাসেৱা- উচ্চতম ন্যায়ালয়ত জামিন নাপালে শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাই। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে জামিন সংক্রান্তীয় গোচৰসমূহৰ শুনানি অহা ৩০ নৱেম্বৰলৈ পিছুৱাই দিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ উপৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে অমৃতপ্রভা মহন্ত আৰু সন্দীপন গাৰ্গক প্ৰদান কৰা জামিনৰ বিৰুদ্ধে অসম চৰকাৰে দাখিল কৰা আবেদনসহ মুঠ চাৰিটা জামিন গোচৰৰ শুনানি উক্ত দিনা উচ্চতম ন্যায়ালয়ে একেলগে গ্রহণ কৰিব। ন্যায়াধীশ বি ভি নাগাৰত্না আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে গ্ৰহণ কৰা শুনানিৰ আৰম্ভণিতেই অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিত শইকীয়াই গোটেইবোৰ জামিনৰ শুনানি একেলগে গ্রহণ কৰিবলৈ বিচাৰপীঠৰ সন্মুখত আবেদন জনায়। ইয়াৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ দিন ৩০ নৱেম্বৰত ধাৰ্য কৰি শুনানি প্রক্রিয়া সমাপ্ত কৰে। ইয়াৰ লগে লগে কাৰ্যতঃ উচ্চতম ন্যায়ালয়ত পুনৰ উচ্চতম ন্যায়লয়ত মুখথেকেচা খালে জুবিন গাৰ্গ হত্যা গোচৰৰ দুই মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মা। উল্লেখ্য যে ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত উত্তৰ-পূব ভাৰত মহোৎসৱলৈ গৈ সাগৰত সাঁতুৰি থকা অৱস্থাতে আকস্মিকভাৱে প্ৰাণ হেৰুৱাইছিল প্ৰাণৰ শিল্পীগৰাকীয়ে। এই আকস্মিক মৃত্যুৰ ঘটনাই সমগ্র অসমতে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে ৰাজ্য চৰকাৰে এক বিশেষ অনুসন্ধানকাৰী দল গঠন কৰি তদন্ত চলাই আছে। বর্তমান এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া গুৱাহাটীৰ এটা বিশেষ ফাষ্টট্রেক আদালতত অব্যাহত আছে আৰু যোৱা ১৮ অক্টোবৰলৈকে আদালতে প্রায় ১৩৪গৰাকী সাক্ষীক সোধা-পোছা কৰিছে।
