২৯ নৱেম্বৰত নতুন দিল্লীত সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ সামৰণী অনুষ্ঠান

২৯ নৱেম্বৰত নতুন দিল্লীত সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ সামৰণী অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপনৰ সামৰণী অনুষ্ঠানক স্মণীয় কৰি তুলিবলৈ ব্যাপক প্রস্তুতি চলাইছে অসম চৰকাৰে। অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’বলগীয়া এইবিশেষ সমাৰোহত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অংশগ্রহণ কৰিব। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে  মুকলি কৰা হ’ল এক বিশেষ প’ৰ্টেল। দিছপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে এই প’ৰ্টেলটো মুকলি কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অংশগ্রহণ কৰিবলগীয়া এই অনুষ্ঠানতে বিশিষ্ট সংগীতশিল্পী ঊষা মংগেশকাৰক প্ৰদান কৰা হব ‘ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা’। মুখ্যমন্ত্রী ড° শৰ্মাই আনুষ্ঠানিকভাৱে এই প’ৰ্টেলটো মুকলি কৰাৰ লগতে শতবার্ষিকী সামৰণী অনুষ্ঠানটোৰ কাৰ্যসূচীৰে বিস্তৃত বৰ্ণনা কৰে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্রায় দুঘণ্টাজোৰা এই অনুষ্ঠানৰ প্রথম ৩০ মিনিট বঁটা প্রদান আৰু স্মৃতিচাৰণৰ বাবে ৰখা হৈছে আৰু পৰৱৰ্তী সময়ছোৱাত সুধাকণ্ঠৰ অমৰ সৃষ্টিৰাজিৰে এক বর্ণিল সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰা হ’ব। এই অনুষ্ঠানতেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ শিল্পী ক্রমে শ্রেয়া ঘোষাল, শংকৰ মহাদেৱন, অংগৰাগ মহন্ত, কল্পনা পাটোৱাৰী, কবিতা কৃষ্ণমূর্তি, কৌশিকী চক্ৰৱৰ্তী, ড° এল সুব্রমণিয়ম, মহালক্ষ্মী আয়াৰ, ৰাহুল দেশপাণ্ডে আৰু শ্ৰীৰাম চন্দ্ৰই গীত পৰিৱেশন কৰিব। এই অনুষ্ঠানত অসমৰ বিশিষ্ট শিল্পী তৰালি শৰ্মা, মৌচুমী চহৰীয়া, শংকু ৰাজকোঁৱৰ, দীক্ষু শৰ্মা, ৰূপম ভূঞা, ময়ূষ হাজৰিকা, নাহিদ আফ্রিন, অনিন্দিতা পাল, ডাৱৰ হাজৰিকা, আচুৰ্য বৰপাত্ৰ গোহাঁই, সুনীতা ভূঞা আৰু ৰূপম তালুকদাৰেও অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে এই অনুষ্ঠানৰ এক অন্যতম আকর্ষণ হিচাপে অসমৰ পৰা যোৱা ১০০০ গৰাকী শিল্পীয়ে সুধাকণ্ঠৰ দুটাকৈ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ আৰু ‘উই আৰ ইন দ্য ছেম বোট ব্ৰাডাৰ’ একেলগে পৰিৱেশন কৰিব। ইয়াৰ উপৰি এই সমাৰোহত অংশগ্ৰহণৰ বাবে অসমৰ পৰা ১০০০গৰাকী ছাত্র-ছাত্রীক এখন বিশেষ বে’লেৰে নতুন দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। ইফালে অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আজি মুকলি কৰা প’ৰ্টেলটো সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়- নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত দেশ-বিদেশৰ যিকোনো ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰিব। সাধাৰণ ৰাইজৰ সুবিধার্থে মুকলি কৰা sudhakantha.assam.statedatacenter.in নামৰ প’ৰ্টেলত আগ্রহীসকলে নিজৰ নাম পঞ্জীয়ন কৰি অনুষ্ঠানৰ বাবে ই-ইনভাইটেচন কার্ড সম্পূর্ণ বিনামূলীয়াকৈ সংগ্রহ কৰিব পাৰিব। এইক্ষেত্ৰত কোনো ব্যক্তিৰ যাতায়াত বা থকা-মেলাৰ খৰচ অসম চৰকাৰে বহন নকৰে। মুখ্যমন্ত্ৰীয়ে ইয়াকো উল্লেখ কৰে যে নিৰাপত্তাৰ স্বাৰ্থত পঞ্জীয়ন কৰা ব্যক্তিসকলৰ আৰক্ষীৰ দ্বাৰা প্ৰয়োজনীয় পৰীক্ষণ সম্পন্ন কৰা হ’ব। অনুষ্ঠানত উপস্থিত থাকিব বিচৰা ব্যক্তিসকলে ম’বাইল নম্বৰযোগেও পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ বাবে আধাৰকাৰ্ড অথবা চৰকাৰী পৰিচয়-পত্ৰৰ প্ৰয়োজন হ’ব। ১২ নৱেম্বৰৰ পিছত ম’বাইল নম্বৰ আৰু একন’লেজমেন্ট নম্বৰ দিলে ই-পাছ লাভ কৰিব। উল্লেখ্য যে এই অনুষ্ঠানত কেইবাখনো ৰাষ্ট্ৰৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত, বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্রী, কেন্দ্ৰীয় মন্ত্রী, সাংসদ আৰু বিশিষ্ট ব্যক্তিকো আমন্ত্রণ জনোৱা হ’ব।