টেঙাখাত তেলৰ টেংক ফাৰ্মত ভয়ংকৰ বিস্ফোৰণ

টেঙাখাত তেলৰ টেংক ফাৰ্মত ভয়ংকৰ বিস্ফোৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ দেশ কাঁপাই যোৱা ‘বাঘজান’ কাণ্ডৰ পাছত এইবাৰ ডিব্ৰুগড়ৰ টেঙাখাটৰ উইল্টনত আন এক ভয়ংকৰ ঘটনা। ভাৰতীয় তেল নিগমৰ অধীনস্থ ইণ্টাৰমিডিয়েট টেংক ফাৰ্মত বিস্ফোৰণ ঘটাৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ প্ৰাৰম্ভিক তথ্য অনুসৰি টেংক ফাৰ্মৰ এটা ভাল্ভ চলোৱাৰ সময়তে বিস্ফোৰণটো সংঘটিত হয় । অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাতস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ইন্টাৰমিডিয়েট টেংক ফাৰ্মত শুকুৰবাৰে সংঘটিত অগ্নিকাণ্ডত পি এছ ইউৰ নিয়োজিত ব্যক্তিগত প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰীৰ মৃত্যু হোৱাৰ লগতে আন পাঁচজন লোক আহত হয়। শুকুৰবাৰে পুৱা প্রায় ৯.০৫ বজাত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি লোৱা কৰ্মচাৰী জন হ’ল ৰাজু দত্ত (৪৬)। আনহাতে গুৰুতৰভাৱে আহত হোৱা কৰ্মচাৰীকেইজন হ’ল  টেঙাখাটৰ শৈলেন গগৈ (৪৫), কুমুদ গগৈ (৩৮), গোলাপ দত্ত (৫৮), ইন্দ্র গগৈ (৪০), ৰূপম গোহাঁই আৰু ডিব্ৰুগড় মিলন নগৰৰ তাপসজ্যোতি গগৈ (৪০) । আহতসকলক উন্নত চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় আৰু অইল হস্পিতালত ভর্তি কৰোৱা হয়। ইয়াৰে গোলাপ দত্তৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। প্রাপ্ত তথ্য অনুসৰি, অইলে টেঙাখাটৰ আই টি এফটো পৰিচালনাৰ দায়িত্ব স্পেকট্রন ইঞ্জিনিয়াৰ্ছ প্রাইভেট লিমিটেড নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানক অর্পণ কৰিছিল।  উল্লেখ্য যে ঘটনাৰ সময়ত ঠিকা প্রতিষ্ঠান স্পেকট্রনৰ ৯ গৰাকী কৰ্মচাৰী কৰ্মৰত অৱস্থাত আছিল। ইয়াৰে দুগৰাকী কৰ্মচাৰী সৌভাগ্যক্রমে কোনো ধৰণৰ আঘাতপ্রাপ্ত নোহোৱাকৈ আঁতৰি যাবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ লগে লগে টেংক ফাৰ্মৰ স্থায়ী অগ্নিনির্বাপক ব্যৱস্থাৰ জৰিয়তে অগ্নি নির্বাপণৰ কাম আৰম্ভ কৰা লগতে অইলৰ অগ্নিনির্বাপক সেৱা বিভাগে তাৎক্ষণিকভাবে অগ্নিনির্বাপক বাহন আৰু শুকান ৰাসায়নিক গুড়ি (DCP) নিক্ষেপকাৰী বাহন ঘটনাস্থলীলৈ প্রেৰণ কৰে। ইয়াৰ লগতে অন্যান্য প্রতিষ্ঠানসহ মুঠ ১১খন অগ্নিনির্বাপক বাহন ঘটনাস্থলীত উপস্থিত হৈ দুপৰীয়া ১২.৩০ বজাত জুই সম্পূর্ণৰূপে নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়। ঘটনাৰ পিছতে ডিব্ৰুগড় জিলা আযুক্ত বিক্রম কৈৰী, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ, ডিব্রুগড় জিলা প্রশাসনৰ অন্যান্য বিষয়াসকল, অইলৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। আনহাতে এই সমগ্র ঘটনাক লৈ ইতিমধ্যে অইলৰ মুখ্য ক্ষেত্রীয় কার্যালয়ত জিলা প্ৰশাসনৰ উপস্থিতিত আজি অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকৰ যোগেদি ঘটনাটোৰ তাৎক্ষণিক আৰু অন্তর্নিহিত কাৰণসমূহ নিৰ্ধাৰণ, ক্ষয়-ক্ষতিৰ মূল্যায়ন আৰু ভৱিষ্যতে এনে ঘটনা প্ৰতিৰোধৰ বাবে আগতীয়াকৈ সতর্কতামূলক ব্যৱস্থাৰ পৰামৰ্শ প্ৰদানৰ উদ্দেশ্যে অইলে এখন আভ্যন্তৰীণ তদন্ত সমিতি গঠন কৰিছে। এই শোকাৱহ ঘটনাত প্রাণ হেৰুওৱা ৰাজু দত্তৰ শোকসন্তপ্ত পৰিয়াললৈ অইলে গভীৰ সমবেদনা জ্ঞাপন কৰিছে।