ডিব্ৰুগড় সাহিত্য সভাত সুধাকণ্ঠক স্মৰণ

ডিব্ৰুগড় সাহিত্য সভাত সুধাকণ্ঠক স্মৰণ::শতাধিক লোকে সমস্বৰে গালে ‘মানুহে মানুহৰ বাবে’

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ববৰেণ্য শিল্পী, ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১৫ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত প্ৰায় শতাধিক লোকে সমস্বৰে সুধাকণ্ঠৰ কালজয়ী সৃষ্টি ‘মানুহে মানুহৰ বাবে’ গীতটি পৰিৱেশন কৰি মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়।ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁতধৰা অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সত্ৰীয়া কলা-কৃষ্টিৰ সাধক তথা সত্ৰীয়া কলা-কৃষ্টি কেন্দ্ৰৰ অধ্যাপক মোহন তামুলীয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি তেওঁ সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজিৰ ওপৰত বক্তব্য আগবঢ়ায়। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত চিৰস্থায়ী স্থান লাভ কৰা সুধাকণ্ঠৰ গীত আৰু সৃষ্টিৰাজিয়ে মানৱতা, সমন্বয় আৰু ভাতৃত্ববোধৰ বাণী চিৰদিন বিলাই যাব বুলি তেওঁ মন্তব্য কৰে। অসম চৰকাৰে শেহতীয়াকৈ সুধাকণ্ঠৰ প্ৰতি যথাযথ সন্মান প্ৰদৰ্শন কৰা কাৰ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত সকলোৱে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শিশু শিল্পী দেৱাংগিনী কোঁৱৰৰ নেতৃত্বত উপস্থিত প্ৰায় শতাধিক লোকে সমস্বৰে ‘মানুহে মানুহৰ বাবে’ গীতটি পৰিৱেশন কৰি এক আবেগিক পৰিৱেশৰ সৃষ্টি কৰে।অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট গল্পকাৰ জ্যোতি বৰগোহাঁই, সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা, পত্ৰিকা সম্পাদক অৰ্পণা ফুকন দাস, আকাশ উপ-সমিতিৰ আহ্বায়িকা যানী সোণোৱালকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।