মধ্যৱৰ্তী নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টীৰ বৃহৎ পৰাজয়

Pc NDTV

মধ্যৱৰ্তী নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টীৰ বৃহৎ পৰাজয়

ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকাৰ মধ্যৱৰ্তী নির্বাচনত ড’নাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টীৰ বৃহৎ পৰাজয়।  প্রত্যাখ্যাত ড’নাল্ড ট্রাম্প। ডেম’ক্রেটসকলৰ দখললৈ গ’ল মার্কিন কংগ্রেছ।  ছিনেট আৰু হাউছ অৱ ৰিপ্রেজেন্টেটিভ দুয়োখন সদনতে সংখ্যাগৰিষ্ঠতা হেৰুৱালে ট্রাম্পৰ দলটোৱে। দুবছৰ পিছতে আমেৰিকাত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নির্বাচন। তাৰ পূর্বেই অনুষ্ঠিত মধ্যবর্তী নির্বাচনত ৰিপাব্লিকানসকলৰ এই ফলাফলে যথেষ্ট তাৎপর্য বহন কৰিছে বুলি ধাৰণা কৰা হৈছে। বুধবাৰে অৱশ্যে পৰাজয় স্বীকাৰ কৰিছে ট্ৰাম্পে । এই পৰাজয়ৰ বাবে কোনো ধৰণৰ ভোটচুৰি বা অন্য কাৰকক তেওঁ দোষাৰোপ কৰা নাই । লগতে বিৰোধী ডেমোক্ৰেটৰ সৈতে একেলগে কাম কৰাৰো তেওঁ ইচ্ছা প্ৰকাশ কৰিছে । মাৰ্কিন সংবাদ মাধ্যম নিউয়ৰ্ক টাইমছ দিয়া সাক্ষাৎকাৰত ট্ৰাম্পে কয়, “তেওঁলোকৰ (ডেমোক্ৰেট) সৈতে কাম কৰাৰ বাবে অপেক্ষাত আছোঁ ।” আনহাতে, ট্ৰাম্পে এই কথাও জনাইছে যে মধ্যৱৰ্তী নিৰ্বাচনৰ ফলাফল সম্পূৰ্ণৰূপে মানি ল’বলৈ তেওঁ প্ৰস্তুত । কিন্তু প্ৰাৰম্ভিক ফলাফলৰ পৰা এইটো স্পষ্ট যে ৰাষ্ট্ৰপতি হিচাপে বাকী থকা তেওঁৰ কাৰ্যকালৰ দুটা বছৰত যথেষ্ট চাপৰ মাজত ট্ৰাম্পে চৰকাৰ চলাব লাগিব । কিয়নো কোনো গুৰুত্বপূৰ্ণ বিধেয়ক ডেমোক্ৰেট নিয়ন্ত্ৰিত হাউছ অব ৰিপ্ৰেজেনটেটিভ আৰু ছিনেটত তেওঁ গৃহীত কৰাই আনিব লাগিব । ভোটগণনাৰ প্ৰাৰম্ভিক তথ্য অনুসৰি, ছিনেটৰ নিৰ্বাচন অনুষ্ঠিত হোৱা মুঠ ১০০ আসনৰ ভিতৰত ডেমোক্ৰেটে ৫৪ খনত আৰু ৰিপাব্লিকানে ৪২ আসনত জয়লাভৰ দিশে আগবাঢ়িছে । আনহাতে, হাউছ অব ৰিপ্ৰেজেনটিটিভৰ মুঠ ৪৩৫ খন আসনৰ ভিতৰত ডেমোক্ৰেট দলে ২২৭ খনত আৰু ৰিপাব্লিকানে ১৩৫ খন আসনত জয়ৰ দিশে আগবাঢ়িছে ।