শৰতৰ আগমন -মনোৰঞ্জন বৰা 

Pc Pexels

শৰতৰ আগমন

মনোৰঞ্জন বৰা 
গোলাঘাট, দেৰগাঁও 

ঋতুৰাণী শৰতৰ আগমনে অসমৰ প্ৰকৃতিৰ লগতে জনজীৱনলৈ এক অনাবিল আনন্দ আৰু সজীৱতা কঢ়িয়াই আনিছে। বৰ্ষাৰ ধাৰাসাৰ বৰষুণ আৰু বোকাময় পৰিৱেশৰ অন্ত পেলাই ধৰিত্ৰীয়ে এক নতুন ৰূপত আত্মপ্ৰকাশ কৰিছে। শৰতৰ এই মনোমোহা আগমন সঁচাকৈয়ে অপৰূপ আৰু অনন্য।

শৰতৰ আগমনে অসমৰ আকাশ-বতাহ এক শান্ত আৰু স্নিগ্ধ কোলাহললৈ ৰূপান্তৰিত কৰে। ধুমুহা আৰু ডাৱৰ ফালি আকাশখন গাঢ় নীলা ৰূপ ধাৰণ কৰে। আকাশত ভাঁহি ফুৰে শুকুলা ডাৱৰৰ  টুকুৰাবোৰ, যেন আকাশখনে বগা চাদৰহে লৈছে। নদীৰ পাৰবোৰত ফুলি উঠে বগা কঁহুৱা ফুল। বতাহত কঁহুৱাৰ নাচে মনলৈ এক বিশেষ শিহৰণ আনে। ইয়াৰ উপৰিও নিয়ৰসনা পুৱাবোৰত শেৱালিৰ সুবাসে চৌপাশ আমোলমোলাই তোলে। পদূলিৰ বকুল আৰু মালতী ফুলেও শৰতৰ বন্দনা গায়। শৰতৰ আগমন কেৱল প্ৰকৃতিতে সীমাবদ্ধ নহয়, ই মানুহৰ মনবোৰকো উৎসৱমুখৰ কৰি তোলে। অসমীয়া সমাজৰ বাবে শৰত মানেই হ’ল উৎসৱ -পাৰ্বনৰ  বতৰ। এই ঋতুতে সনাতন ধৰ্মী লোকসকলৰ আটাইতকৈ ডাঙৰ উৎসৱ ‘শাৰদীয় দুৰ্গাপূজা’ অনুষ্ঠিত হয়। ইয়াৰ পাছতে আহে কাতি বিহু, লক্ষ্মী পূজা, দীপাৱলী আৰু ৰাসোৎসৱ। আনহাতে খেতিয়কসকলৰ বাবে ই আশাৰ বতৰ। আহাৰ – শাওন মাহৰ কঠোৰ পৰিশ্ৰমৰ ফচল শালি ধানবোৰে শৰতৰ নিয়ৰ পাই গেঁৰ মেলিবলৈ ধৰে, যাৰ ফলত খেতিয়কৰ মুখত হাঁহি বিৰিঙি উঠে। কাতি মাহৰ পথাৰৰ সুৰক্ষা আৰু মংগলৰ বাবে এই শৰত কালতেই ‘কাতি বিহু’ বা ‘কঙালী বিহু’ উদযাপন কৰা হয়।

বৰ্ষাৰ ক্লান্তি আঁতৰাই শৰতে মানুহৰ মনলৈ কঢ়িয়াই আনে এক গভীৰ প্ৰশান্তি। পুৱাৰ কোমল ৰ’দ আৰু সন্ধিয়াৰ শীতল বতাহে শৰীৰ আৰু মন সতেজ কৰি তোলে। কবি-সাহিত্যিকসকলৰ বাবে শৰতকাল এক বিশেষ প্ৰেৰণাৰ উৎস। শৰতৰ জোনাক নিশাৰ সৌন্দৰ্যই মানুহক আধ্যাত্মিক আৰু নান্দনিক অনুভূতিৰে উপচাই পেলায়। শৰতৰ আগমন মানেই হ’ল সৌন্দৰ্য, পৱিত্ৰতা আৰু আনন্দৰ মিলনভূমি। ই আমাক মলিনতা আঁতৰাই এক নতুন জীৱনবোধৰ শিক্ষা দিয়ে। প্ৰকৃতিৰ এই অনুপম উপহাৰ শৰত কাল সঁচাকৈয়ে সকলোৰে বাবে অতি আদৰৰ আৰু প্ৰিয় ঋতু।