২০২৭ চনৰ ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ৰাষ্ট্ৰীয় লোকপিয়ল
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় চৰকাৰে বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় লোকপিয়লৰ দিন ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে জাৰি কৰা আনুষ্ঠানিক অধিসূচনা অনুসৰি সমগ্র দেশতে ২০২৭ চনৰ ২৫ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে চলিব লোকপিয়লৰ প্ৰক্ৰিয়া। লোকপিয়লৰ এই প্ৰক্ৰিয়াত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰফাবৃত অঞ্চল আৰু নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহক এই সময়সূচীৰ পৰা পৃথকে ৰখা হৈছে। কেন্দ্রীয় গৃহ মন্ত্রালয়ে প্রকাশ কৰা আনুষ্ঠানিক অধিসূচনা অনুসৰি ২০২৭ চনৰ ২৫ জানুৱাৰীৰ পৰা হ’বলগা লোকপিয়লৰ প্ৰক্ৰিয়া অনুসৰি ২৮ ফেব্ৰুৱাৰীলৈকে চলিব ঘৰে ঘৰে গণনা। আনহাতে ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব স্ব-গণনা। এই স্ব-গণনা প্ৰক্ৰিয়া ২৪ জানুৱাৰীলৈ অব্যাহত থাকিব। আনহাতে ১ মাৰ্চৰ পৰা ৫ মাৰ্চলৈকে পুনৰীক্ষণ প্রক্রিয়া চলিব। ভাৰতৰ লোকপিয়ল আইন-১৯৪৮ আৰু লোকপিয়ল বিধি-১৯৯০ৰ বিধান অনুসৰি অনুষ্ঠিত এই লোকপিয়লত সুধিবলগীয়া প্রশ্নসমূহৰ তালিকাও কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। সেই অনুসৰি এইবাৰ লোকপিয়লত প্ৰতিটো পৰিয়ালক ৪০টাকৈ প্রশ্ন সোধা হ’ব। ব্যক্তিৰ নামৰ পৰা জন্মৰ তাৰিখ, বয়স, স্বামী-পত্নীৰ নাম, মাতৃভাষা, শিক্ষানুষ্ঠানত অধ্যয়নৰ স্থিতি, কৰ্মৰত অৱস্থা, অর্থনৈতিক কাৰ্যকলাপৰ শ্ৰেণী, বৃত্তি বা পেছা, যাতায়াতৰ মাধ্যম, ক’ভিড টিকাকৰণৰ বিৱৰণী, বেংকৰ একাউণ্টকে ধৰি প্রায় ৪০টা প্ৰশ্নৰ উত্তৰ দিব লাগিব সাধাৰণ ৰাইজে। মন কৰিবলগীয়া যে দেশৰ অন্তিমটো লোকপিয়ল ২০১১ চনত দুটা পর্যায়ত সম্পন্ন কৰা হৈছিল। ইয়াৰে পৰৱৰ্তী পর্যায়ত ২০২১ চনত লোকপিয়ল অনুষ্ঠিত হোৱাৰ পৰিকল্পনা কৰা হৈছিল যদিও সেই প্রক্রিয়া সম্পন্ন নহ’ল। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত লোকপিয়ল অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও সমগ্র দেশতে হোৱা ক’ভিড পৰিস্থিতিৰ বাবে এই প্রক্রিয়া অনির্দিষ্ট কাললৈ স্থগিত ৰাখিবলগীয়া হৈছিল। যোৱা সময়ছোৱাত দেশত লোকপিয়ল অনুষ্ঠিত হ’ব বুলি চলি থকা চৰ্চাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে অহা বৰ্ষৰ আৰম্ভণিতে লোকপিয়ল অনুষ্ঠিত কৰাৰ আনুষ্ঠানিক অধিসূচনা প্ৰকাশ কৰিলে।
