প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে ৰাজ্যজুৰি আছুৰ মমশিখা সমদল

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে ৰাজ্যজুৰি আছুৰ মমশিখা সমদল

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ন্যায়ৰ দাবীত ৰাজ্যজুৰি  সদৌ অসম ছাত্র সন্থাৰ আহ্বানত আজি ৰাজ্যজুৰি মমশিখা সমদল উলিওৱা হয়। গোচৰটোৰ কেইবাগৰাকীও অভিযুক্তক জামিন প্ৰদান কৰাৰ পিছতে আছু আৰু ৰাজ্যৰ জনসাধাৰণৰ মাজত তীব্ৰ অসন্তুষ্টি আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। দোষীক উচিত শাস্তি নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে আছুৰ নেতৃবৰ্গে। গুৱাহাটীৰ লগতে টংলা, গৌৰীপুৰ (ধুবুৰী), শিৱসাগৰ, মানকাচৰ, হোজাই আদি জিলা তথা বিভিন্ন উপ-নগৰত আছুৰ কৰ্মী আৰু স্থানীয় জনসাধাৰণে মমশিখা জ্বলাই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় আৰু ন্যায় দাবী কৰে। গুৱাহাটীৰ আছুৰ মুখ্য কাৰ্যালয় শ্বহীদ ন্যাসৰ পৰা আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত কেইবাশতাধিক সদস্যই এই সমদলত অংশগ্ৰহণ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত জড়িত প্ৰতিগৰাকী দোষীক শাস্তি প্ৰদানৰ দাবী জনায় সংগঠনটোৱে। ‘প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিয়ক’, ‘প্ৰাণৰ শিল্পী জুবিন গার্গে ন্যায় নোপোৱালৈ আমি ক্ষান্ত নই’, ‘হত্যাকাৰীক কঠোৰ শাস্তি প্রদান কৰিব লাগিবই’, ‘আমাক ন্যায় লাগিবই’ ইত্যাদি শ্লোগান দি এই মমশিখা সমদল উলিওৱা হয়। গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বত শিক্ষা সম্পাদক টুটুমণি কলিতা, ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য ৰূপম কুমাৰ দাস, জিতেন দাস, অলকেশ নাথসহ বিভিন্ন মহাবিদ্যালয়ৰ সহস্রাধিক ছাত্র-ছাত্রী, যুৱক-যুৱতীয়ে মমশিখা সমদলত অংশগ্ৰহণ কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে আকাশ-বতাহ মুখৰিত কৰি তোলে। প্ৰতিবাদকাৰীসকলে গুৱাহাটীৰ ৰাজপথত বিভিন্ন শ্লোগান লগতে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি মমশিখা সমদলত অংশগ্ৰহণ কৰে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে প্ৰাণৰ শিল্পী জুবিন গার্গে ন্যায় পাবই লাগিব। ন্যায়লয়ৰ ওপৰত আমাৰ বিশ্বাস আছে। প্ৰাণৰ শিল্পী জুবিন গার্গে ন্যায় নোপোৱালৈকে ছাত্র সন্থা ক্ষান্ত নহওঁ। এছআইটিৰ প্ৰতিবেদনখন সাক্ষ্য প্রমাণেৰে ন্যায়ালয়ত প্ৰতিষ্ঠা কৰাৰ দায়িত্ব অসম চৰকাৰৰ। হত্যাকাৰীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাবই লাগিব। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আছুৰ মুখ্য উপদেষ্টা ড° ভট্টাচাৰ্যই কয়, ‘প্ৰাণৰ শিল্পী জুবিন গার্গে ন্যায় পাবই লাগিব। ন্যায় ব্যৱস্থা, ন্যায়পালিকাৰ ওপৰত ছাত্ৰ সন্থাৰ আস্থা, বিশ্বাস আছে। এছআহটিয়ে দাখিল কৰা প্ৰতিবেদনত তথ্যপাতিৰে ন্যায়ালয়ত প্রতিষ্ঠা কৰাৰ দায়িত্ব এছআইটি আৰু অসম চৰকাৰৰ। এই বিষয়ত অসম চৰকাৰৰ গধুৰ দায়িত্ব আছে। জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়লয়ত আবেদন কৰিম বুলি প্রতিশ্রুতি দিয়া অসম চৰকাৰে সোনকালে এইক্ষেত্ৰত পদক্ষেপ লওক। অসমৰ জনসাধাৰণৰ মনত জ্বলি থকা জুইকুৰা হ’ল- প্ৰাণৰ শিল্পী জুবিন গার্গে ন্যায় পাব লাগিব। ন্যায়ালয়ত গোচৰ চলি থকা বাবে আৰু ন্যায়ালয়ৰ ওপৰত ৰাইজৰ বিশ্বাস থকাৰ বাবেই ৰাইজে ৰাজপথলৈ সঘনে ওলাই অহা নাই যদিও ৰাইজৰ অন্তৰত জুইকুৰা জ্বলি আছে। হত্যাকাৰীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাবই লাগিব। প্ৰাণৰ শিল্পী জুবিন গার্গে ন্যায় নোপোৱালৈকে অসমৰ ৰাইজ, ছাত্ৰ সন্থা ক্ষান্ত নহয়।’