সর্বানন্দ সিংহ ষ্টেডিয়াম পুনৰ নিৰ্মাণ কৰা হ’ব: মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ভ্ৰমণৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই তিনিচুকীয়া জিলাত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰাৰ লগতে আন কেইবাটাও নির্মীয়মাণ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয় আৰু প্ৰস্তাৱিত আন্তঃগাঁথনিমূলক প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰে। তেওঁ অধ্যক্ষৰ পৰা চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি আৰু মানৱ সম্পদৰ বুজ লয়। মুখ্যমন্ত্রীয়ে লগতে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সম্প্ৰসাৰিত ডায়েলাইছিছ গোটটো উদ্বোধন কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ড° শৰ্মাই তিনিচুকীয়া চহৰত নির্মীয়মাণ এহেজাৰ আসনবিশিষ্ট টাউন হল আৰু প্রেক্ষাগৃহ চৌহদ পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ বুজ লয়। তেওঁ প্রেক্ষাগৃহটোত অত্যাধুনিক শব্দ ব্যৱস্থা স্থাপনৰ পৰামৰ্শ আগবঢ়ায়। পৰৱৰ্তী সময়ত ড° শর্মাই প্রস্তাৱিত আন্তঃৰাজ্যিক বাছ আস্থান প্রকল্পস্থলী, তিনিচুকীয়াৰ বৰগুৰিত থকা সৰ্বানন্দ সিংহ ষ্টেডিয়াম আৰু লোণপুৰীয়া বঙালী গাঁৱত প্ৰস্তাৱিত স্বৰ্গদেউ সর্বানন্দ সিংহ সমন্বয় ক্ষেত্রস্থলী পৰিদৰ্শন কৰে। তেওঁ সৰ্বানন্দ সিংহ ষ্টেডিয়ামত অনুশীলনৰত খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে এডটেক স্কীল ইউনিভাৰ্ছিটীৰ ট্রেনজিট কেম্পাছটো পৰিদৰ্শন কৰে আৰু শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকলৰ কলা প্রদর্শনী এখন উপভোগ কৰে। পৰিদৰ্শনৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রীয়ে কয় যে তিনিচুকীয়া মেডিকেল কলেজৰ অভাৱ-অভিযোগসমূহ দূৰ কৰাৰ লগতে ইয়াত সা-সুবিধা বৃদ্ধিৰ বাবে কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব। তেওঁ কয় যে সর্বানন্দ সিংহ ষ্টেডিয়ামখন পুনৰ নিৰ্মাণ কৰিব লাগিব আৰু এই সন্দৰ্ভত আজি আলোচনা কৰা হয়। স্বর্গদেউ সর্বানন্দ সিংহ সমন্বয় ক্ষেত্ৰৰ বাবে লোণপুৰীয়া বঙালী গাঁৱত প্ৰস্তাৱিত ভূমিডোখৰ পৰিদৰ্শন কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
