৩০ অক্টোবৰৰ অভিশপ্ত ক’লা দিন
নাছিৰ আহমেদ, শিমলাবাৰী গোৱালপাৰা
২০০৮ চনৰ ৩০ অক্টোবৰ। অসমৰ ইতিহাসৰ এটি অভিশপ্ত ক’লা দিন। দীপাৱলী বা পোহৰৰ উৎসৱ দীপান্বিতাৰ আনন্দ-উল্লাস শেষ হোৱাৰ মুহূৰ্তত দূপৰীয়া নৌহওঁতেই, সূৰ্য দেৱতা লাজ আৰু অপমানত মেঘৰ আঁৰত মুখ লুকাইছিলহে মাথোঁ – এনেতে গুৱাহাটী মহানগৰীৰ জনবহুল ঠাই গণেশগুৰি,পানবজাৰ আৰু ফাঁচী বজাৰ, নামনি অসমৰ কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটাৰোডত সন্ত্ৰাসবাদীৰ কমেও অঠৰবাৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ গুৰুম গুৰুম শব্দত চাৰিওদিশে এক আতঙ্কময় পৰিৱেশৰ সৃষ্টি হ’ল। আৰম্ভ হ’ল, অসহায় মানুহৰ অনৰ্গল চিঞৰ-বাখৰ,হুৱা-দুৱা আৰু কান্দোনৰ ৰোল। অসমৰ আকাশে বতাহে দুৰ্গোন্ধ বিয়পি গ’ল, ধোঁৱা-ধূলিৰে ধূসৰিত হ’ল, তেজেৰে তুমুৰলি হৈ গুৱাহাটী মহানগৰীৰ উপকণ্ঠ, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটাৰোডত
যেন এসাগৰ তেজৰ সোঁত প্ৰবাহিত হ’ল। থিতাতে মৃত্যুমুখত পৰিল ৮৮ জন নিৰীহ প্ৰাণ আৰু প্ৰায় ৫০০ জন লোকৰ দেহৰ বিভিন্ন অংগ বিভিন্ন ঠাইত সিঁচৰতি হৈ মৃত্যুৰে যুঁজি যুঁজি আৰ্ত চিৎকাৰ কৰিবলৈ ধৰিলে। চাৰিওফালে জল্পনা কল্পনা চলিল, কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ নিচ্ছিদ্ৰ নিৰাপত্তাৰ বুহ্য ভেদ কৰি কোন আতঙ্কবাদীয়ে এনে নিৰ্মম জঘন্যতম হত্যাকাণ্ড সংঘটিত কৰিলে। চাৰিওপিনে প্ৰতিবাদৰ জোঁৱাৰ উঠিল।
বিশেষজ্ঞসকলৰ মতে সন্ত্ৰাসবাদীসকলে গণ মটৰগাড়ী বোমা বিস্ফোৰণ ( Mass Car Bombing) অৰ্থাৎ একাধিক মটৰগাড়ীত বিস্ফোৰক ব্যৱহাৰ কৰি ধাৰাবাহিক ভাৱে বোমা বিস্ফোৰণ ঘটাইছিল।
আৰু ব্যৱহাৰ কৰা অস্ত্ৰসমূহ আছিল আৰ ডি এক্স (RDX), টি এন টি (TNT) আৰু পি ই টি এন (PETN)
পিছদিনা অৰ্থাৎ ৩১ অক্টোবৰত বিশ্ব হিন্দু পৰিষদ, ভাৰতীয় জনতা পাৰ্টী আৰু বজৰং দলে কোকৰাঝাৰত আহ্বান কৰা অসম বন্ধত স্বতঃস্ফূৰ্ত ভাৱে দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, শিল্প-বাণিজ্য কেন্দ্ৰ, যান-বাহন আৰু শিক্ষানুষ্ঠান সম্পূৰ্ণ ৰূপে বন্ধ থাকি নিস্তব্ধ হৈ পৰে। গুৱাহাটী মহানগৰীতো ইয়াৰ ব্যাপক প্ৰভাৱ পৰে।
অসমৰ প্ৰধান বিৰোধী দল অসম গণ পৰিষদে এই দিনটিক ক’লা দিন হিচাপে পালন কৰে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলে কামৰ পৰা বিৰত থাকি ন্যায়ালয়ৰ বাহিৰত থিয় হৈ ক’লা বেজ পৰিধান কৰি এই মানৱ ধ্বংসকাৰী নিৰ্মম কুটাঘাতমূলক ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনায়।
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান বেন কি মুনে (এই সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত ভাৰতত আছিল) প্ৰেছবিজ্ঞপ্তি যোগে এই নৃশংস বোমা বিস্ফোৰণৰ দৰে নিন্দনীয় কাৰ্যৰ বাবে দুখ প্ৰকাশ কৰি ভাৰত চৰকাৰ, আহত বা নিহত হোৱা ভাৰতীয় নিৰীহ জনতাৰ প্ৰতি সমবেদনা প্ৰকাশ কৰে। লগতে সন্ত্ৰাসবাদীৰ এই নিন্দনীয় কাৰ্যৰ গৰিহণা জনাই কয় যে, সাধাৰণ জনগণৰ ওপৰত এনে আক্ৰমণৰ দ্বাৰা কোনোৱে মহৎ কৰ্ম সাধন কৰিব নোৱাৰে।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ডমিট্ৰি মেডভেডবে (Dmitry Medvedev) এনে দুৰ্বিনীত বোমা বিস্ফোৰণক অমানৱীয় আৰু ক্ষমাহীন অপৰাধ বুলি গৰিহণা দি ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল আৰু প্ৰধানমন্ত্ৰী মন মোহন সিংহক এনে বৰ্বৰোচিত আক্ৰমণকাৰীক কঠোৰতম শাস্তি দিবলৈ অনুৰোধ জনায়।
ভাৰতৰ প্ৰধানমন্ত্ৰী মন মোহন সিংহই এই পাশবিক ঘটনাৰ তীব্ৰ গৰিহণা জনাই কয় যে, অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ’ব। ১ নৱেম্বৰ তাৰিখে ইউ পি এ শাসক দলৰ সভানেত্ৰী ছোনিয়া গান্ধী আৰু গৃহমন্ত্ৰী শিৱৰাজ পাটিল গুৱাহাটীত আহি ঘটনাৰ বুজ লয় আৰু আহত বা নিহত পৰিয়ালৰ লগত যোগাযোগ কৰি সৰ্বপ্ৰকাৰৰ সহায়ৰ হাত আগবঢ়াব বুলি আশ্বাস দিয়ে।
তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দেশৰ সকলো ৰাজনৈতিক দল ( শাসক আৰু বিৰোধী) একত্ৰিত হৈ এনে সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে জাতীয় যুদ্ধ ঘোষণা কৰিবলৈ আহ্বান জনায়।
তৎকালীন ভাৱে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসমৰ সকলো প্ৰান্ততে অতিৰিক্ত ভাৱে ৪০০০ সকলো ৰেংকৰ পুলিচ বাহিনীৰ সৈতে সৰ্বমুঠ ৬৫০০০ মোতায়েন কৰি সন্ত্ৰাসবাদীৰ ঘাঁটি উৎখাত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই গৈছিল।
এই সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত কোন অশুভ শক্তি জড়িত আছিল, তাক সঠিককৈ অনুধাৱন নকৰাকৈ ভাৰতৰ বিৰোধী দলৰ নেতা তথা বিজেপি দলৰ এল কে আদৱানীয়ে বিভিন্ন মন্তব্য কৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ উঠি পৰি লাগিল। তেওঁ এই সন্ত্ৰাসবাদী কাৰ্যকলাপক প্ৰতিহত কৰিবলৈ ভাৰত তথা অসমৰ ৰাজ্যিক চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি ধিঃকাৰ দি সাম্প্ৰদায়িক শক্তিসমূহক উচটনিমূলক ভাষণেৰে ঘোষণা কৰিলে যে, Illegal Bangladeshi migrants in Assam, with an increasing influx of such immigrants, could be involved in blasts. অৰ্থাৎ অসমত অবাধ প্ৰব্ৰজন কৰি অবৈধ ভাৱে বসবাস কৰা বাংলাদেশীয়ে এই বোমা বিস্ফোৰণৰ লগত জড়িত। তেওঁৰ উত্তেজনাপূৰ্ণ বক্তব্যৰ আঁত ধৰি অসমৰ প্ৰায় আটাইকেইটা বাতৰি কাকত বা টিভিৰ চেনেলবোৰে বাংলাদেশৰ পৰা অহা সংখ্যালঘু মুছলমানৰ সন্ত্ৰাসবাদী দলসমূহে এই কুটাঘাটমূলক কাৰ্য সংঘটিত কৰা বুলি ৰাতি-দিন একাকাৰ কৰি সম্প্ৰচাৰ কৰিবলৈ ধৰিলে। মাজতে এই ঘটনাৰ মূল খল নায়ক বুলি অসমৰ পুলিচ প্ৰশাসনে নগাঁও জিলাৰ আছিব মহম্মদ নিজামী আৰু জুলফিকৰ আলি নামৰ দুজন গাড়ীৰ মালিকক গ্ৰেপ্তাৰ কৰিছিল।
অৱশেষত, ভাৰতৰ চি বি আই সংস্থাই এই ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হ’ল।
২০০৮ চনৰ ৩০ অক্টোবৰত অসমত হোৱা ভয়াৱহ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল মাষ্টাৰমাইণ্ড আছিল উগ্ৰপন্থী সংগঠন নেশ্বনেল ডেমক্ৰেটিক ফ্ৰন্ট অফ বড়োলেণ্ড (NDFB) ৰ ৰঞ্জন দৈমাৰী গোট। এই জঘন্যতম হত্যাকাণ্ডৰ মূল উদ্দেশ্য আৰু লক্ষ্য আছিল সাৰ্বভৌম বড়োলেণ্ডৰ দাবী সবল কৰা, চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰা আৰু গোটেই অসমত ব্যাপক আতঙ্কময় পৰিৱেশ সৃষ্টি কৰা।
এতিয়াও এই ‘এন ডি এফ বি’ৰ নেতা ৰঞ্জন দৈমাৰী কাৰাৰুদ্ধ হৈ আছে। কিন্তু এই বোমা বিস্ফোৰণত নিহত বা আহত হোৱা পৰিয়ালবৰ্গই এতিয়াও ন্যায় বিচাৰি হাহাকাৰ কৰি মৰিব লগীয়া হৈছে।
অসমবাসীয়ে প্ৰতি বছৰে ৩০ অক্টোবৰৰ এই অভিশপ্ত ক’লা দিনটিত এগছি বন্তি জ্বলাই মৃতকৰ আত্মাৰ সদগতি কামনা আৰু অশ্ৰু অঞ্জলি যাঁচে আৰু শোক-সন্তপ্ত পৰিয়াললবৰ্গক সমবেদনা জ্ঞাপন কৰে । লগতে আহত হৈ এতিয়াও চিকিৎসাধীন হৈ থকা দুৰ্ভগীয়াসকলৰ আশু আৰোগ্য কামনা কৰে।
